ব্যক্তিগতকৰণৰ তালিকাত অন্তর্ভুক্ত হ’ব পুনৰ চাৰি চৰকাৰী বেংক

Centre is not privatizing all banks Finance Minister reacts to bank strike

কেন্দ্রীয় চৰকাৰে প্রথম পর্যায়ত ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ যােজা চলাইছে। নৰেন্দ্র মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অহা সপ্তাহত এই সন্দৰ্ভত নিটি আয়ােগৰ বৈঠকত সিদ্ধান্ত লােৱাৰ সম্ভাৱনা আছে।

অহা ১৪ এপ্রিলত নিটি আয়ােগৰ এই বৈঠকখন অনুষ্ঠিত হ’ব। যিকেইটা বেংক চৰকাৰে ব্যক্তিগতকৰণৰ বাবে নির্বাচন কৰিছে সেই সন্দৰ্ভত এই বৈঠকত আলােচনা কৰা হ’ব।

কেন্দ্রীয় চৰকাৰৰ সূত্রই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, নিটি আয়ােগে এই সন্দৰ্ভত চাৰি বা পাঁচটা প্রস্তাৱ আগবঢ়াব আৰু উক্ত প্রস্তাৱৰ সন্দৰ্ভত বৈঠকত আলােচনা কৰা হ’ব।

প্রকাশিত বাতৰি অনুসৰি ব্যক্তিগতকৰণৰ তালিকাত বেংক অৱ মহাৰাষ্ট্র, ইণ্ডিয়ান অভাৰ্চিজ বেংক, বেংক অৱ ইণ্ডিয়া আৰু চেণ্ট্ৰেল বেংকৰ নাম আছে। নিটি আয়ােগৰ তথ্য অনুসৰি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বাদেও দেশত এনে কেবাটাও বেংক আছে যিসমূহ বিগত বছৰসমূহত আন চৰকাৰী বেংকসমূহৰ স’তে একত্ৰিকৰণ কৰা হৈছিল আৰু এই সমূহ বেংকৰ ব্যক্তিগতকৰণ কৰা নহ’ব।

Exit mobile version