মুম্বাই একাডেমী অৱ মুভিং ইমেজৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ দীপিকা পাডুকনৰ

Deepika Padukone 1

মুম্বাই একাডেমী অৱ মুভিং ইমেজৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে | বলীউডৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ তিনি বছৰীয়া যাত্ৰা সমাপ্ত কৰাৰ পাছত ইনষ্টাগ্ৰামত কাৰণ ব্যাখ্যা কৰিলে।

ADVERTISEMENT

২০১৯ চনত ‘মামি’ৰ অধ্যক্ষৰ পদ দখল কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু তেওঁ অনুভৱ কৰে যে তেওঁৰ বাবে আন্তৰিকতাৰে দায়িত্ব পালন কৰাটো এটা সমস্যা হৈ পৰিছে। তেওঁ অলপতে একাধিক চলচ্চিত্ৰ চুক্তি স্বাক্ষৰ কৰে।

কিছুমান ছবি মুক্তিৰ পথত আছে আৰু কিছুমানৰ দৃশ্য গ্ৰহণৰ কাম চলি আছে । একেলগে দুয়োফালে মনোযোগ দিয়া টো সম্ভৱ নহয় কাৰনেই এই সিদ্ধান্ত ল’লে দীপিকাই ।

দীপিকাই ইনষ্টাগ্ৰামত নিজৰ এখন ফটোৰ স’তে দীপিকাই লিখিছে, ‘মামিৰ অধ্যক্ষৰ দায়িত্বৰ দ্বাৰা মই গভীৰভাৱে সমৃদ্ধ হৈছো । এজন শিল্পী হিচাপে, মই মুম্বাই চহৰত সমগ্ৰ বিশ্বৰ পৰা চলচ্চিত্ৰ সংগ্ৰহ কৰাৰ অভিজ্ঞতা লাভ কৰিছো। কিন্তু মই বুজি পাওঁ যে মই মামিক প্ৰয়োজন হোৱা সমৰ্পণ আৰু মনোযোগ দিব নোৱাৰিম। যথেষ্ট কামৰ বোজা আছে। সেইকাৰণে মই এই পদৰ পৰা আঁতৰি আহিছো ।’ অৱশেষত, অভিনেত্ৰীগৰাকীয়ে কয় যে, মামিৰ স’তে তেওঁৰ সম্পৰ্ক অটুট থাকিব ।

Exit mobile version