চূড়ান্ত কৰা হ’ল টি-২০ বিশ্বকাপৰ ন টা কেন্দ্ৰ

MCG 1

আসন্ন টি-২০ বিশ্বকাপৰ বাবে ন টা কেন্দ্ৰ চূড়ান্ত কৰিলে ভাৰতীয় ক্ৰিকেট বোৰ্ডে । সেই ন টা কেন্দ্ৰতেই বিশ্বকাপৰ সকলো খেল অনুষ্ঠিত হ’ব । লগতে বোৰ্ডে জনায় যে, কোনো দেশৰে ভিজাক লৈ সমস্যাৰ সৃষ্টি নহয় ।

বোৰ্ডে দিয়া তথ্য অনুসৰি, টি-২০ বিশ্বকাপৰ ন টা কেন্দ্ৰ হ’ল মুম্বাই, নতুন দিল্লী, চেন্নাই, বেংগালুৰু, হায়দৰাবাদ, ধৰ্মশালা, আহমেদাবাদ, লক্ষনৌ আৰু কলকাতা । আহমেদাবাদ, লক্ষনৌ, চেন্নাই আৰু হায়দৰাবাদ নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে । ২০১৬ৰ টি-২০ বিশ্বকাপত এই চাৰিটা কেন্দ্ৰত খেল অনুষ্ঠিত হোৱা নাছিল । যোৱবাৰৰ পৰা বাদ দিয়া হৈছে মোহালি আৰু নাগপুৰক । একাধিক সূত্ৰৰ খবৰ অনুযায়ী, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেল খেল অনুষ্ঠিত হ’ব ।

বোৰ্ডৰ এজন কৰ্মকৰ্তাই কয়, ‘প্ৰতিটো কেন্দ্ৰকেই এই বিষয়ে অৱগত কৰা হৈছে আৰু প্ৰস্তুতি আৰম্ভ কৰিবলৈ দিয়া হৈছে । ক’ভিড-১৯ পৰিস্থিতিৰ বিষয়ে লক্ষ্য ৰখা হৈছে আৰু অনাগত দিনত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । অক্টোবৰ-নৱেম্বৰত পৰিস্থিতি কেনেকুৱা হ’ব সেয়া এতিয়াই কোৱা সম্ভৱ নহয় । কিন্তু প্ৰস্তুতি আৰম্ভ কৰিব‌ই লাগিব ।’

২০২৮ত লছ এঞ্জেলছৰ অলিম্পিক্সত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে পৰিকল্পনা কৰা হৈছে । অন্তৰ্ভুক্ত কৰিলে ভাৰতে যোগ দিয়াত অসুবিধা নহয় বুলি জনায় কৰ্মকৰ্তাজনে ।

Exit mobile version