ব্রিটেইনৰ লগতে ভাৰততো ক’ভিড-১৯ সংক্রমণ ক্রমে ভয়াৱহ হােৱাৰ সময়তে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে চলিত মাহতে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ’ব। অৱশ্যে কৰ’নাৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি ব্রিটিছ প্রধানমন্ত্রীয়ে ভ্রমণসূচী কিছু সংক্ষিপ্ত কৰিব।
ADVERTISEMENT
অহা ২৬ এপ্রিলত বৰিছ নতুন দিল্লীত উপস্থিত হ’ব। যােৱা জানুৱাৰীতে ব্রিটিছ প্রধানমন্ত্রীয়ে ভাৰতলৈ অহাৰ কথা আছিল যদিও সেই সময়ত ব্রিটেইনত ক’ভিডৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত এই ভ্রমণসূচী তেওঁ বাতিল কৰিছিল।