দিল্লীৰ ৯০ শতাংশ আইচিইউ ভৰ্তি

কমনৱেলথ গেমছ ভিলেজক অস্থায়ী চিকিৎসালয়ত পৰিণতঃ কেজৰিৱাল

df02edf8 9dc5 11eb a9a0 55dd4cd60b71 1618475998317 1618637600535

আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনায় যে, ৰাজধানী দিল্লীৰ কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কমনৱেলথ গেমছ ভিলেজক ক’ভিড চিকিৎসালয়ত পৰিণত কৰা হ’ব । তেওঁ মন্তব্য কৰে যে, সংক্ৰমণ বৃদ্ধি পাইছে, সেয়ে ইতিমধ্যে দিল্লীৰ চিকিৎসালয়সমূহৰ ৯০ শতাংশ আইচিইউ ভৰ্তি হৈ পৰিছে আৰু অক্সিজেনৰো নাটনি হৈছে । পৰিস্থিতি সন্দৰ্ভত গভীৰভাৱে চিন্তিত মুখ্যমন্ত্ৰী কেজৰিৱাল ।

আজিৰ এক জৰুৰী বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘পৰিস্থিতি খুবেই উদ্বেগজনক । দ্ৰুত হাৰত সংক্ৰমণ বৃদ্ধি পাইছে । বিগত কিছুদিনত পৰিস্থিতি নিয়ন্ত্ৰণত আছিল । যি হাৰত সংক্ৰমণ বৃদ্ধি পাইছে কোনো নাজানে ইয়াৰ শেষ ক’ত হ’ব । প্ৰত্যেক ৰাজ্য‌তেই স্বাস্থ্য পৰিকাঠামোৰ এটা সীমাবদ্ধতা থাকে । চৰকাৰে চিকিৎসালয়ৰ বিছনা বঢ়োৱাৰ চেষ্টা কৰিছে । পৰৱৰ্তী চাৰি দিনত ছয় হেজাৰ বিছনা বৃদ্ধি কৰা হ’ব ।’

কৰ’না ৰোগীসকলক কেনেদৰে চিকিৎসা পৰিসেৱা প্ৰদান কৰা হ’ব তাকে ভাবি পাৰ পোৱা নাই মুখ্যমন্ত্ৰী কেজৰিৱালে । আজি অনুষ্ঠিত কৰা জৰুৰী বৈঠকত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনো উপস্থিত থাকে । সম্প্ৰতি চিকিৎসালয়ৰ নাটনি পূৰণ কৰিবৰ বাবে কমনৱেলথ গেমছ ভিলেজ আৰু কিছু সংখ্যক বিদ্যালয়ক জৰুৰীকালীন ক’ভিড চিকিৎসালয়ত পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

সূত্ৰ অনুসৰি, দিল্লীৰ পৰিস্থিতি অতি শোচনীয় । সকলো চিকিৎসালয়ৰে ৯০ শতাংশ আইচিইউ কৰ’না ৰোগীৰে ভৰ্তি । চিকিৎসালৰ জেনেৰেল বিছনাটো স্থান নাই । চিকিৎসালয়ৰ বাহিৰৰ দোকান হ‌ওক বা বেচৰকাৰী কোনো অক্সিজেন চীলিণ্ডাৰ সৰবৰাহকাৰী সংস্থা কাৰো তাতে ক’ভিড প্ৰতিষেধক বা অক্সিজেন নাই ।

বিগত ২৪ ঘণ্টাত দিল্লীত ২৪ হেজাৰ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ১৬৭ জন কৰ’না ৰোগীৰ মৃত্যু হৈছে ।

Exit mobile version