পুনৰ থমকি ৰ’ল বলিউদ

Coronavirus

কৰ’না ভাইৰাছ আৰু 9তলাবন্ধৰ প্রকোপত বলিউদৰ ছবি উদ্যোগটোও যােৱা বছৰ থমকি ৰৈছিল। বৃহৎ পৰিমাণৰ ক্ষতিৰ সন্মুখীন হৈছিল উদ্যোগটো। যােৱা বছৰৰ শেষৰ ফালৰ পৰা সাৱধানতা পালন কৰি আধাতে বন্ধ হৈ থকা ছবিসমূহৰ কাম পুনৰ আৰম্ভ হৈছিল।

চলিত বছৰৰ আৰম্ভণিৰে পৰা বলিউদৰ নির্মাতাৰ পৰা আৰম্ভ কৰি অভিনয় শিল্পীলৈকে মাত্রাধিক ব্যস্ততাৰে আধৰুৱা হৈ থকা কামবােৰ সম্পূৰ্ণ কৰাৰ চেষ্টাত ব্ৰতী হৈছিল। তাৰ লগতে আৰম্ভ কৰিছিল নতুন ছবিৰ কাম। কিন্তু পুনৰ কৰ’না ভাইৰাছে দ্বিতীয় সংক্ৰমণৰ প্রকোপ বৃদ্ধি কৰাত পুনৰ স্তব্ধ হৈ পৰিছে বলিউদ।

ইতিমধ্যেই কৰ’নাৰ দ্বিতীয় লহৰত আক্ৰান্ত হৈছে বলিউদৰ একাধিক আগশাৰীৰ তাৰকা । অক্ষয় কুমাৰ, আলিয়া ভাট,ৰণবীৰ কাপুৰ, কেটৰিণা কাঈফ, সঞ্জয় লীলা ভাঞ্চালি, ভিকি কৌশল আদি বহু তাৰকা ইতিমধ্যে আক্রান্ত হৈছে। যাৰ বাবে পুনৰ থমকি ৰৈছে একাধিক বিগ বাজেটৰ ছবিৰ কাম।

উল্লেখ্য যে কৰ’না পৰিস্থিতি জটিল হৈ পৰাত উদ্ধৱ থাকৰেৰ চৰকাৰে ইতিমধ্যে মহাৰাষ্ট্ৰত ১৪৪ ধাৰা বলবৎ কৰিছে। ফলত জনতাৰ মনলৈ উভতি আহিছে জনতা কার্ফিউৰ স্মৃতি। এনে পৰিস্থিতিতে হঠাৎ থমকি ৰ’ল বলিউদ। ইতিমধ্যেই বন্ধ হৈ পৰিছে শ্বাহৰুখ খানৰ ‘পাঠান’, ছলমান খানৰ ‘টাইগাৰ ৩’ আৰু প্রভাসৰ ‘আদিপুৰুষ’ ছবিৰ চিত্রগ্রহণ।

যােৱা ১৩ আৰু ১৪ এপ্রিলত ‘পাঠান’ চিত্রগ্রহণ বন্ধ ৰখা হয়। এক সূত্রই জনােৱা মতে, এজন ক্রু সদস্য কৰ’না পজিটিভ হােৱাৰ পাছতে এই সিদ্ধান্ত লােৱা হৈছিল। অৱশ্যে ছবিৰ দলৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনাে তথ্য সদৰী কৰা নাই।

আনহাতে, কেটৰিণা ক’ভিড আক্রান্ত হােৱাৰ পাছৰে পৰা ‘টাইগাৰ তৰ চিত্রগ্রহণ কৰাৰ ক্ষেত্ৰতাে বিড়ম্বনা আৰম্ভ হয়। অৱশ্যে ‘আদিপুৰুষৰ চিত্রগ্রহণ পূর্ণগতিত চলি আছিল যদিও ৰাজ্য চৰকাৰে ১৪৪ ধাৰা জাৰি কৰাত বন্ধ ৰাখিবলগীয়া হয়। এই তিনিখন বিগ বাজেটৰ ছবিয়েই নহয়, সম্প্রতি বলিউদৰ সৰু-ডাঙৰ, মধ্যমীয়া সকলাে ধৰণৰ ছবিকেই পুনৰ কৰ’নাই ক্ষতিগ্রস্ত কৰিছে।

দীর্ঘদিনীয়া তলাবন্ধৰ ফলত ইতিমধ্যেই প্রচুৰ ছবিৰ কাম বন্ধ হৈ আছিল। চিনেমা হল বন্ধ থকাৰ বাবেও প্রযােজকসকল ক্ষতিৰ সন্মুখীন হৈছিল। পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ অহাত ছবিঘৰসমূহাে মুকলি কৰি দিয়াৰ বাবে সকলােৰে মুখলৈ পানী আহিছিল। এতিয়া পুনৰ সেই আশা নিস্তেজ হৈ পৰিছে।

Exit mobile version