পৰিসমাপ্তি ঘটিল অসমৰ এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ। গৰীবৰ বন্ধু, লেডী অৱ দ্য ল্যাম্প আৰু সৰু গান্ধী হিচাপে পৰিচিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মন আৰু নাই। যোৱা ১৩ মাৰ্চৰ পৰা গুৱাহাটীৰ দিছ্পুৰ হস্পিতালত তেওঁ চিকিৎসাধীন হৈ আছিল।
বিগত কিছুদিন আইচিইউত জীৱন- মৃত্যুৰ সতে যুঁজি থাকি অৱশেষত দেওবাৰে সন্ধিয়া তেওঁ ইহলীলা সম্বৰন কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ । পত্নী মালতী বৰ্মন, একমাত্ৰ পুত্ৰ দিগন্ত বৰ্মন আৰু তিনি কন্যা, জোঁৱাই, নাতি, নাতিনী, পৰিয়ালৰ আন বহুকেইজন সদস্যৰ লগতে ৰাজ্যৰ অজস্ৰ গুণমুগ্ধক শোকদগ্ধ কৰি ইহ সংসাৰৰ পৰা চিৰবিদায় লয়।
ইয়াৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ পৰা এক নক্ষত্ৰ খহি পৰাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছে হেৰুৱালে এজন অশীতপৰ কংগ্ৰেছ নেতা। আজি চিকিৎসালয় কৰ্তৃপক্ষই মৃত ঘোষণা কৰাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ দলীয় দলীয় কর্মী আৰু গুণমুগ্ধ শোকাহত হৈ পৰে।
আনহাতে ডাঃ বৰ্মনৰ জন্মগাওঁ বেলশৰত তেওঁ নিজে গঢ়া পিতৃ ভকতৰাম বৰ্মনৰ সমাধিক্ষেত্ৰত অন্তিম সংস্কাৰ কৰা হব। অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে অন্তিম শ্ৰদ্ধা জনাব । বৈদিক নিয়মেৰে শেষ কৃত্য সমাপন কৰা হব।






























