বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱ বাতিল

WhatsApp Image 2021 04 20 at 6.35.01 PM 1

আজি জনশূন্য হৈ আছে বকো গান্ধী ময়দান প্ৰাংগন । বিগত বৰ্ষবোৰত আজিৰ দিনটোতে হেজাৰ হেজাৰ লোকে লোকাৰণ্য হৈ পৰে বকো গান্ধী ময়দান প্ৰাংগন ।

ছয় বহাগৰ দিনটোলৈ বিশেষভাবে বকোবাসী ৰাইজে অতি হেপাহেৰে ৰৈ থাকে। আজিৰ দিনটোত বকো গান্ধী ময়দান প্ৰাংগনত উদযাপিত হয় বকো আঞ্চলিক সুঁৱৰী উৎসৱ।

বিভিন্ন খেল ধেমালি, বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য,ঘোঁৰা দৌৰ, হাতী দৌৰ আৰু হাতী যুঁজ হৈছে বকো আঞ্চলিক সুঁৱৰী উৎসৱৰ বিশেষত্ব।

শেহতীয়াভাবে অসমৰ লগতে সমান্তৰালভাবে বকোত ক’ভিড অধিক হাৰত সংক্ৰমিত হৈছে। যাৰ ফলত বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱ বাতিল কৰা হ’ল।

ছয় বহাগত উৎযাপিত হোৱা বকোৰ সুঁৱৰী এইবাৰ ১০৯ সংখ্যক।এইবাৰ কৰ’না ত্ৰাসৰ ফলত প্ৰশাসনে বাধা আৰোপ কৰে উদযাপন কৰা ক্ষেত্ৰত। পতাকা উত্তোলনৰ পাছতে আন কাৰ্যসূচী বাতিল কৰা হৈছে। ক’ভিড সংক্ৰমণ ৰোধৰ বাবেই প্ৰশাসনে লৈছে এই কঠোৰ স্থিতি ।

Exit mobile version