টুইটাৰত মংগলবাৰে নৱৰাত্ৰিৰ অষ্কমীৰ প্ৰসাদৰ ফটো পোষ্ট কৰাৰ পাছতেই কটাক্ষৰ সন্মুখীন হ’বলগীয়া হয় বলীউডৰ কুইন কংগণা ৰণৌতে । বিভিন্ন প্ৰসাদৰ লগতে ৰখা পিয়াঁজে দৃষ্টি আকৰ্ষণ কৰে নেট ব্যৱহাৰকাৰীসকলৰ । কংগণাই পোষ্টটোৰ জৰিয়তে জনাইছিল যে, তেওঁ অষ্টমীৰ উপবাস ৰাখিছে । এই খাদ্য তেওঁৰ পৰিয়ালবৰ্গৰ বাবে ।
ইয়াৰ পাছতো কটাক্ষৰ পৰা পৰিত্ৰাণ নাপায় কুইনে । সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ একাংশই হিন্দুত্বৰ পাঠ পঢ়াই অভিনেত্ৰীগৰাকীক । এজনে লিখে, ‘প্ৰসাদৰ থালিত পিয়াঁজ থকা উচিত নহয়’, কোনোৱে প্ৰশ্ন উত্থাপন কৰে, ‘প্ৰসাদত পিয়াঁজ ? আপুনি নিশ্চিত নে আপোনাৰ গৃহত নিয়ম পালন কৰা হৈছে ?’
https://twitter.com/KanganaTeam/status/1384404998675595264?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1384404998675595264%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Fkangana-ranaut-trolled-for-posting-a-picture-of-ashtami-prasad-with-onion-dgtl%2Fcid%2F1276923
নিজৰ ধৰ্মৰ ৰীতি-নীতিও নাজানে বুলি দাবী উত্থাপন কৰে বহু লোকে । এই পোষ্টৰ পাছতে টুইটাৰত ট্ৰেণ্ড আৰম্ভ হয় ‘#অনিয়ন’ৰ । কংগণাৰ পোষ্টৰ মন্তব্য স্থান ভৰি পৰে নানা ধৰণৰ কটূক্তিৰে ।
Can’t believe #Onion is one of the top trends. Well this is not to hurt anyone but the beauty of Hinduism is that it’s not rigid like other religions,let’s not ruin that,I am fasting today if my family wants to eat salad with parsadam let’s not ridicule them #Onion #navratri2021 https://t.co/ghBppqdHQl
— Kangana Ranaut (Modi Ka Parivar) (@KanganaTeam) April 20, 2021
সকলো ঘটনা লক্ষ্য কৰি কংগণাই টুইটাৰত আন এটা পোষ্ট কৰে । ঘটনা সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ গৈও তেওঁ প্ৰথমে ধৰ্মক লৈ কিছু বিতৰ্কিত মন্তব্য কৰে । তেওঁৰ অনুসৰি, হিন্দু ধৰ্ম অন্য ধৰ্মৰ দৰে ৰক্ষণশীল নহয় । সেইটোৱে ইয়াৰ সৌন্দৰ্য ।
সেয়ে তেওঁৰ পৰিয়ালবৰ্গই যদি প্ৰসাদৰ স’তে পিয়াঁজ খাব বিচাৰি তাক লৈ বিতৰ্ক কৰা অৰ্থহীন । ইয়াৰ পাছত অভিনেত্ৰীগৰাকীয়ে জনায়, তেওঁ বাহিৰৰ পৰা অহা তেওঁৰ ভাতৃৰ বাবে সজাইছিল থালিখন । নিজে খোৱা নাই ।