কৰ’নাত আক্ৰান্ত মহেন্দ্ৰ সিং ধোনীৰ পিতৃ পান সিং আৰু মাতৃ দেৱকী দেৱী।ৰাঁচীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰোৱা হৈছে । আই পি এল খেলৰ বাবে চেন্নাই চুপাৰ কিংছ দলৰ স’তে মুম্বাইত আছে ধোনী ।
বুধবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ স’তে খেলিব মহেন্দ্ৰ সিং ধোনীয়ে ।ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ দলটোৱে যোৱা বছৰৰ আই পি এলত প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।
আই পি এল ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনাৰ সাক্ষী হৈছিল ধোনী । এইবাৰ আই পি এল আৰম্ভ হোৱাৰ আগতে ধোনীয়ে চেন্নাইত দলটোৰ অনুশীলনত যোগদান কৰিছিল।দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাজিত হোৱা স্বত্বেও একেৰাহে দুখন মেচ জিকাৰ পাছত চেন্নাই লীগত তৃতীয় স্থানত আছে।