কৰ’নাৰ দ্বিতীয় লহৰত সংক্রমণৰ ৰেখাডাল ক্ৰমাৎ ঊৰ্ধ্বমুখী হােৱাৰ পৰিপ্ৰেক্ষিতত হাস্পতালসমূহৰ বিছনা আৰু অক্সিজেনৰ অভাৱ পৰিলক্ষিত হৈছে । ফলত সাধাৰণ মানুহে প্ৰৱল সংকটৰ সন্মুখত পৰিবলগীয়া হৈছে।
এনে পৰিস্থিতিতে এক অভিনৱ পদক্ষেপ গ্রহণ কৰি সকলােৰে প্ৰসংগ বুটলিছে বৰােডাৰ এটা মছজিদৰ পৰিচালনা সমিতিয়ে। নিশাৰ ভিতৰতে এই মছজিদটো ৰূপান্তৰিত কৰা হ’ল ৩০ খন বিছনাযুক্ত ক’ভিড হাস্পতালত।
উল্লেখ্য যে গুজৰাটৰ ক’ভিড পৰিস্থিতিও ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে। হাস্পতালসমূহৰ বাহিৰত এম্বুলেন্সৰ শাৰী এক পৰিচিত দৃশ্যত পৰিণত হৈছে। সম্প্রতি এক গােচৰৰ ৰায়দানৰ সময়ত গুজৰাটৰ উচ্চ ন্যায়ালয়ে কয় যে, এখন হাস্পতালৰ বাহিৰত প্রায় ৪০ খন এম্বুলেন্স ৰৈ থকা দেখা গৈছে।
অৱশ্যে ৰাজ্যখনৰ বিজেপি চৰকাৰে দাবী কৰিছে যে, ইয়াত পৰিস্থিতি নিয়ন্ত্রণত হাস্পতালৰ ব্যর্থতা বুলি চিহ্নিত কৰিব নােৱাৰি। কিয়নাে বর্তমানৰ পৰিস্থিতিত ৰােগীসকলক ভর্তি কৰােৱাৰ বাবে নির্দিষ্ট স্বাস্থ্যবিধি মানিবলগীয়া হৈছে। যাৰ বাবে সময়ৰ প্রয়ােজন হােৱাত এম্বুলেন্সসমূহ ৰৈ থাকিবলগীয়া হৈছে।
এনে পৰিস্থিতিতে বৰােডাৰ উক্ত মছজিদটোৰ পৰিচালনা সমিতিয়ে মছজিদটো ক’ভিড হাস্পতালত পৰিণত কৰাত সকলােৱে প্রশংসা কৰিছে । বিশেষকৈ ৰমজান মাহত তেওঁলােকৰ এই পদক্ষেপ যথেষ্ট প্রশংসিত হৈছে । মছজিদৰ ন্যাসৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘হাস্পতালসমূহত অক্সিজেন আৰু বিছনা নাই । এনে পৰিস্থিতি দেখি আমি মছজিদটোকে ক’ভিড হাস্পতালৰূপে গঢ়ি তােলাৰ সিদ্ধান্ত লৈছাে। ৰমজানৰ মাহত ইয়াতকৈ ভাল উদ্যোগ আৰু কি হ’ব পাৰে ?’