কাজলগাঁৱৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে

WhatsApp Image 2021 04 23 at 7.09.42 PM

চিৰাঙৰ কাজলগাঁওস্থিত ৩১ নং চিদলী বিধানসভা সমষ্টীৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে ।

আজি দুপৰীয়া আৰক্ষী সঞ্চালক প্ৰধানজনে চিৰাং জিলা উপায়ুক্ত তথা নিৰ্ব্বাচনি বিষয়া(ৰিটাৰ্ণীং বিষয়া) গৌতম তালুকদাৰ, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সহযোগত কাজলগাঁৱৰ স্থায়ী ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। তাৰ পাছতে সংবাদ মাধ্যমক জনায় যে, ষ্ট্ৰং ৰুমৰ নিৰাপত্তা তিনি তৰপীয়া ইয়াৰোপৰি চিচি কেমেৰা আছে । অসম আৰক্ষীৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধি, অগ্নিনিৰ্ব্বাপক বাহিনীৰ লোক,‌ দণ্ডাধীশো নিয়োজিত আছে এই ষ্ট্ৰং ৰুমৰ নিৰাপত্তাত । সকলোৰে স’তে মতবিনিময় কৰাৰ বিষয়েও জনায় বিষ্ণৈয়ে।

তেওঁ লগতে কয় যে, উগ্ৰপন্থি সংগঠনৰ কুটাঘাতৰ বিষয়ে কোনো তথ্য নাই যদিও এই বিষয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভোট গণণাৰ দিনাখনৰ বাবে ক’ভিডৰ বাবে নিয়ম নীতিসমূহ কটকটীয়াভাৱে কৰা হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ সকলো ধৰণৰ নীতি নিৰ্দেশনা আহি আছে আৰু তেওঁলোকে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে বুলিও জনায়।

চিৰাং জিলা উপায়ুক্তই ভোট গণনা সন্দৰ্ভত বিতং তথ্য জনোৱাৰ লগতে জিলাখনত ক’ভিডৰ শেহতীয়া তথ্যও প্ৰকাশ কৰে। জিলাখনত সক্ৰীয় ক’ভিড ৰোগীৰ সংখ্যা এশ অতিক্ৰম কৰিলে জিলাখনত প্ৰাথমিক শিক্ষা বন্ধ কৰাৰ লগতে অসম চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি লোৱা হ’ব বুলি জনায় ।

জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জিলাখনৰ নিৰাপত্তা, ষ্ট্ৰং ৰুমৰ নিৰাপত্তা আৰু ভোটগণনা সন্দৰ্ভত বিতংভাৱে জনায়। জিলাখনৰ কাজলগাঁৱত চিদলী সমষ্টীৰ ষ্ট্ৰং ৰুম আৰু বিজনী কলেজত বিজনী সমষ্টীৰ ষ্ট্ৰং ৰুমৰ বিষয়ে জনোৱাৰ লগতে ভোটগণনাৰ দিনা ল’বলগীয়া সতৰ্কতা সন্দৰ্ভতো সংবাদ মাধ্যমক জনায় ।

Exit mobile version