ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ নীতি-নিয়ম বান্ধি দিয়াৰ ফলত অধিক মূল্যবৃদ্ধি তথা যোৱাবাৰৰ তলাবন্ধৰ ফলত সাধাৰণ ৰাইজে অৰ্থনৈতিক সংকটত ভুগিছে ৷
তাৰ মাজতে পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে মাছ, মাংস, ফলমূল ও অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দাম বৃদ্ধি হৈছে। পাইকাৰী দোকানদাৰ তথা একাংশ মধ্যভোগী দালালে এক বৃহৎ চিণ্ডিকেট আৰম্ভ কৰাৰ ফলত দুখীয়া জনসাধাৰণে মাছ, মাংস, ফলমূল আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰা অসম্ভৱ হৈ পৰিছে।
এই ক্ষেত্ৰত বজাৰসমূহ পৰিদৰ্শন কৰি চিণ্ডিকেটৰাজ চলোৱা সকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সঠিক মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দুখীয়া ৰাইজক সকাহ দিবলৈ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাগসা জিলা সমিতিৰ এটি প্ৰতিনিধি দলে শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ জৰিয়তে অসম চৰকাৰৰ মুখ্য সচিবলৈ জিলা আমছুৰ সভিপতি ছাইফুল ইছলাম খান আৰু সাধাৰণ সম্পাদক সাহাদত হুছেইন স্বাক্ষৰিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সময়ত উপস্থিত থাকে বাগসা জিলা আমছুৰ মুখ্য উপদেষ্টা মইনুল হক খান,আমছুৰ প্ৰচাৰ সম্পাদক আব্দুল ৰহিম, বাগ্সা জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খান, সাধাৰণ সম্পাদক সাহাদত হুছেইন, জিলা কাৰ্যকৰী সভাপতি গিয়াছ উদ্দিন আৰু জিলা সহঃ সম্পাদক হাবিজুৰ ৰহমান ৷