কমলা
শীতকালীন এই ফলবিধত ভিটামিন A, ভিটামিন B, ভিটামিন Cৰ উপৰিও কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কোলিন আদিৰে পৰিপূৰ্ণ ৷ কমলাই কলেষ্ট্ৰল ঘটোৱাৰ উপৰিও ওজন কমোৱাতো সহায় কৰে ৷ ইয়াৰ উপৰিও ই ছাল আৰু চুলিৰ বাবে যথেষ্ট উপকাৰী ৷ ভিটামিন Aৰ উপৰিও কমলাত থকা ভিটামিন Dয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷
কিৱি
যদিও কিৱি এবিধ বিদেশী ফল কিন্তু গোলকীকৰণৰ বাবে ই এতিয়া বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে অতি সহজে উপলব্ধ হৈ পৰিছে ৷ কিৱিত পটাছিয়াম, ভিটামিন C, ভিটামিন E, ভিটামিন Kক আদি কৰি কেইবাবিধো নিউন্ট্ৰিয়েন্টছ আছে ৷ ই দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ কিৱিত যথেষ্ট পৰিমাণে ফাইবাৰ, এন্টিঅক্সিডেন্ট, পটাছিয়াম থকাৰ উপৰিও ই এন্টি-ইনফ্লেমেটৰী, এন্টি-থ্ৰ’মবটিক হিচাপেও কাম কৰে যি ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও কিৱিয়ে হজমশক্তি বৃদ্ধি কৰে ৷
ডালিম
আমি সকলোৱে ডালিমৰ উপকাৰিতাৰ বিষয়ে অবগত ৷ ডালিম ফাইবাৰ, ভিটামিন K, ভিটামিন C, ভিটামিন B, আইৰণ, পটাছিয়াম, জিংক, অ’মেগা 6 ফেটী এচিডৰ আদিৰ দৰে নিউট্ৰিএন্টছৰে পৰিপূৰ্ণ ৷ ডালিমত থকা প্ৰতিৰোধ ক্ষমতাই ব্যক্তিৰ দেহক নিৰোগী কৰি ৰখাত সহায় কৰে ৷ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও ডালিমে কেনচাৰ প্ৰতিৰোধ কৰাৰ উপৰিও, ছাল আৰু চুলি স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে হৃদযন্ত্ৰণৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে ৷
মৌচুমী
ৰোগীসকলৰ বাবে মৌচুমী এবিধ অতি উপকাৰী ফল ৷ মৌচুমীত ভিটামিন C, ভিটামিন A, ভিটামিন B কমপ্লেক্স, ফ্লেভোনইড, এমিন’ এচিড, কেলছিয়াম, আয়’ডিন, ফছফৰাছ, ছ’ডিয়াম, মেংগানিজ আদি কেইবাবিধো নিউন্ট্ৰিয়েন্টছ থাকে ৷ ইয়াত থকা এন্টিঅক্সিডেন্ট গুণৰ বাবে ই সকলো বতৰতে উপকাৰী ৷
আপেল
হৃদ স্বাস্থ্যৰ বাবে আপেল এটা অতি উপকাৰী ফল ৷ আপেলত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় মিনাৰেল আৰু পাটাছিয়ামেৰে পূৰ্ণ ৷ আপেলৰ চৰবতে হৃদক্ৰিয়া মসৃণ কৰি তোলে ৷ আপেলত যথেষ্ট পৰিমাণে ফাইবাৰ, ভিটামিন B, ভিটামিন C, ভিটামিন K আৰু এন্টিঅক্সিডেন্ট থাকে যি কেৱল ছাল আৰু হজম শক্তি বৃদ্ধি কৰাই নহয় আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷
মধুৰিআম
মধুৰিআম এবিধ উচ্চ ফাইবাৰযুক্ত ফল ৷ ই হজম প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী ৷ মধুৰিআমত থকা ভিটামিন A আৰু ভিটামিন E য়ে চকু, চুলি আৰু ছালক পুষ্টি প্ৰদান কৰে ৷ মধুৰিআমত থকা আইক’পেন নামৰ ফাইটো নিউট্ৰিয়েন্টছে শৰীৰত কেনচাৰ আৰু টিউমাৰৰ প্ৰৱণতা হ্ৰাস কৰে ইয়াৰ উপৰিও হৃদৰোগ নিয়ন্ত্ৰণ আৰু ৰক্তচাপ নিয়ন্ত্ৰণটো সহায় কৰে ৷গতিকে ইয়াৰ পৰা গম পোৱা যায় যে ফল আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ৷ ফলত থকা নিউট্ৰিয়েন্টছ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপযোগী ৷ আপুনি সতেজ ফলৰ ৰস গ্ৰহণ কৰিব পাৰে কিন্তু মনত ৰাখিব যে ইয়াত চেনি মিহলি নকৰিব অন্যথা ই আপোনাৰ শৰীৰত ঋণাত্মক প্ৰভাৱ পেলাব ৷