বলীউডত শোকৰ ছাঁ । শুক্ৰবাৰে ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা অমিত মিস্ত্ৰীৰ ।
অমিতে ‘কিয়া কহেনা’, ‘এক ফৰ্টি কি লাষ্ট লোকেল’, ‘৯৯’, ‘এ জেন্টলমেন’, ‘শ্ব’ৰ ইন দ্য চিটি’ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে বিভিন্ন বিজ্ঞাপনতো কাম কৰিছে ।
অমিতৰ সহকাৰী মহৰ্ষি দেশাই তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰিছে। তেওঁ কয় যে অমিতৰ কোনো শাৰীৰিক ৰোগ নাছিল। সুস্থ আছিল অভিনেতাজন । ৰাতিপুৱাৰ আহাৰৰ পাছত তেওঁ হঠাতে বুকুৰ বিষ অনুভৱ কৰিছিল ।চিকিৎসালয়লৈ নিয়াৰ আগতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।
অভিনেতাজনৰ অকাল মৃত্যুত তেওঁৰ সহকৰ্মীসকলে দুখ প্ৰকাশ কৰে। বহুতে কয় যে অমিত শেষবাৰ লগ পোৱাৰ সময়তো সম্পূৰ্ণ সুস্থ আছিল। তেওঁৰ শৰীৰত কোনো অসুস্থতাৰ লক্ষণ নাছিল।
অভিনেতাজনৰ এজন ঘনিষ্ঠ বন্ধু প্ৰযোজক মাহিৰ খানে মুম্বাইৰ এটা সংবাদ মাধ্যমক কয় যে তেওঁ কিছুদিন পূৰ্বেই অমিতৰ স’তে কথা পাতিছিল। অমিতে জানিব বিচাৰিছিল যে মাহীয়ে কিবা নতুন কাম কৰি আছে নেকি। অভিনেতাজনে এজন বন্ধুৰ স’তে কাম কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছিল।