দিল্লীৰ জয়পুৰ গ’ল্ডেন চিকিৎসালয়ত অক্সিজেনৰ অভাৱত ২০জন ৰোগীৰ মৰ্মান্তিক মৃত্যু

31f73e20480f0034403b826cdbb5e841

ইয়াতকৈ বেয়া কি হ’ব পাৰে ! অক্সিজেনৰ অভাৱত মৃত্যু চিকিৎসালয়ত পৰি থকা এজনৰ পাছত এজন কৰ’না ৰোগী।

শুকুৰবাৰে নিশা ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীৰ জয়পুৰ গল্ডেন চিকিৎসালয়ত। অক্সিজেনৰ অভাৱৰ বাবে একাধিক ৰোগীৰ অৱস্থা অতি সংকতজনক । তাৰ মাজৰে অতি সংকটজনক ২০ জনে প্ৰাণ হেৰুৱাইছে।

দেশৰ ৰাজধানী দিল্লীত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পাছৰে পৰা অক্সিজেনৰ অভাৱ হৈছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও একাধিকবাৰ কেন্দ্ৰৰ ওচৰত আবেদন জনাইছে।

শুক্ৰবাৰে সংঘটিত শোকাৱহ ঘটনাৰ পাছত জয়পুৰ গ’ল্ডেন চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক ডাঃ ডি কে বালুজাই কয়, “যোৱা নিশা অক্সিজেনৰ অভাৱত ২০ জন অতি গুৰুতৰ ৰোগীৰ মৃত্যু হৈছে। একেবাৰে অক্সিজেন শূণ্য হৈ গৈছিল সেইটো নহয়, কিন্তু অক্সিজেনৰ অভাৱৰ বাবে অক্সিজেনৰ চাপ কম আছিল । ‘

তেওঁ কয় যে চিকিৎসালয়খনত ২১০ জন কৰ’না ৰোগী আছে আৰু তেওঁলোকৰ ওচৰত থকা অক্সিজেনৰ পৰিমাণ শনিবাৰে পুৱা ১০.৪৫ বজালৈকে অব্যাহত থাকিব।

তেওঁৰ কথাত, ‘শুক্ৰবাৰে সন্ধিয়া পাঁচ বজাত আমি ৩,৬০০ লিটাৰ অক্সিজেন পোৱাৰ কথা আছিল। কিন্তু আমি পুৱা ১২ বজাত ১,৫০০ লিটাৰ পাইছিলো।

আনহাতে, দিল্লীৰ বাত্ৰা চিকিৎসালয়ত অক্সিজেন শেষ হোৱাৰ পাছত দিল্লী চৰকাৰে জৰুৰীভাৱে অক্সিজেন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। চিকিৎসালয়খন দিল্লীৰ তুঘলকাবাদত অৱস্থিত।

Exit mobile version