ঋতুস্ৰাৱৰ পাঁচ দিন পূৰ্বে আৰু পাছত প্ৰতিষেধক গ্ৰহণ কৰা উচিত নে ?

সামাজিক মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিলে চৰকাৰে

d6d39790 f732 4034 a1f2 ed7048530521 210412 frandor covid vaccines 060a

ঋতুস্ৰাৱ চলাকালীন ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব পাৰি নে ? গ্ৰহণ কৰিলে ঋতুস্ৰাৱত প্ৰভাৱ পৰিব নেকি ? বিগত কিছুদিন ধৰি এই প্ৰশ্নসমূহ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । ইয়াক লৈ বিভিন্ন ‌ধৰণৰ তথ্য‌ও প্ৰকাশ পাইছে । ফলত অধিক শংকাৰ সৃষ্টি হৈছিল মহিলাসকলৰ মাজত । সেয়ে ইয়াৰ সঠিক তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে ।

১৮ বছৰৰ ঊৰ্ধ্বৰসকলক এক মে’ৰ পৰা টিকাকৰণৰ ঘোষণা কৰিছে কেন্দ্ৰ‌ই । ইয়াৰ পাছতেই মহিলাসকলৰ একাংশই জানিবলৈ উদগ্ৰীব হৈ পৰে যে, ঋতুস্ৰাৱ চলাকালীন প্ৰতিষেধক গ্ৰহণ কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নেকি । কিন্তু সামাজিক মাধ্যমত অন্য বিষয়ৰ দৰে এই সন্দৰ্ভতো উৰাবাতৰি বিয়পি পৰে । তথাকথিত বিশেষজ্ঞসকলৰ অনুসৰি, ঋতুচক্ৰ চলাকালীন ঋতুস্ৰাৱৰ পাঁচ দিন পূৰ্বে আৰু পাঁচ দিন পাছত প্ৰতিষেধক গ্ৰহণ কৰা উচিত নহয় ।

এই তথ্যক ভুৱা আখ্যা দি কালি প্ৰেছ ইনফৰমেছন ব্যুৰ’ (পিআইবি)এ এটা বিবৃতি জাৰি কৰে । বিবৃতিত প্ৰকাশ কৰা হয়, ‘সামাজিক মাধ্যমত চৰ্চিত ঋতুচক্ৰৰ পাঁচ দিন পূৰ্বে আৰু পাছত মহিলাসকলে প্ৰতিষেধক গ্ৰহণ কৰা উচিত নহয় এই তথ্য সম্পূৰ্ণ ভুৱা । উৰাবাতৰিত গুৰুত্ব নিদিব । এক মে’ৰ পাছত ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলোৱে প্ৰতিষেধক গ্ৰহণ কৰা উচিত । ২৮ এপ্ৰিলৰ পৰা নাম নথিভুক্তকৰণ আৰম্ভ হ’ব ।’

চিকিৎসক আৰু সমাজকৰ্মীসকলেও একেই মত প্ৰকাশ কৰে । তেওঁলোকে জনায় যে, ঋতুস্ৰাৱৰ স’তে কৰ’না প্ৰতিষেধকৰ কোনো সম্পৰ্ক নাই ।

Exit mobile version