এজন যাত্ৰী লৈ কায়ৰ’ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰিলে ছুদানগামী বিমান

cairo airport

মাত্ৰ এজন যাত্ৰী লৈ কায়ৰ’ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰিলে ছুদানগামী বিমান । যাত্ৰীজন আছিল ক’ভিড পজিটিভ। বিমানত থকা পাইলটজনে প্ৰথমতে আন যাত্ৰীৰ সুৰক্ষাৰ কথা ভাবি ক’ভিড ৰোগীজনক বিমানত লৈ যাব বিচৰা নাছিল ।ইজিপ্তৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ স’তে দীঘলীয়া দৰদাম কৰাৰ পাছত, তেওঁ অৱশেষত এজন যাত্ৰীক লৈ যাবলৈ সন্মত হয়।

স্থানীয় সংবাদ মাধ্যমৰ মতে, সংশ্লিষ্ট ৰোগীগৰাকী সুদানৰ এগৰাকী ৪২ বছৰীয়া মহিলা। খাৰ্তুমৰ পৰা কায়ৰোত অৱতৰণ কৰাৰ পাছত তেওঁৰ আৰটি-পিচিআৰ পৰীক্ষণত ক’ভিড সংক্ৰমণ ধৰা পৰে । ইজিপ্তৰ কৰ্তৃপক্ষই ক’ভিড পৰীক্ষাৰ ফলাফল দেখি তেওঁক দেশত প্ৰৱেশ কৰিব দিব বিচৰা নাছিল । যাত্ৰীজনক জনোৱা হয় যে, তেওঁ অহা বিমানখনতে পুনৰ ঘৰলৈ উভতি যাব লাগিব।

কিন্তু বিমানখনৰ কেপ্টেইনজনে যাত্ৰীজনক বিমানত লৈ যাবলৈ অস্বীকাৰ কৰে। কায়ৰ’ বিমানবন্দৰৰ সূত্ৰই কয় যে, কেপ্টেইনজনক জনোৱা হৈছিল যে যে বিমানৰ শেষৰফালে ৰোগীজনক পৃথককৈ বহিবলৈ দিয়া হ’ব ।

তেওঁ পি.পি.ই. কিট পৰিধান কৰি থাকিব । ইয়াৰ পাছতো কেপ্টেইনজনে অন্য যাত্ৰীৰ সুৰক্ষাৰ বাবে এই প্ৰস্তাৱ অস্বীকাৰ কৰে । ক’ভিডৰ ৰোগীগৰাকীৰ বাবে ইজিপ্তত প্ৰৱেশ কৰাটো অসম্ভৱ ।

প্ৰায় পাঁচ ঘণ্টাৰ দৰদামৰ পাছত, বিমানখন কেৱল ক’ভিড ৰোগীগৰাকীৰ স’তেই খাৰ্তুমলৈ উভতি আহে । তেওঁৰ বাহিৰে অন্য সকলো যাত্ৰীৰ উৰান বাতিল কৰা হৈছিল । পৰৱৰ্তী বিমানত যাত্ৰা কৰাৰ পূৰ্বে তেওঁলোকক হোটেলত ৰখা হয়। খাৰ্তুমৰ বিমানখন চাৰিজন এয়াৰমেন আৰু এজন যাত্ৰীৰ স’তে উৰা মাৰে ।

Exit mobile version