কঁঠাল গুটিৰো আছে বিভিন্ন গুণ

eatJackfruit 823672534 770x533 1

★কঠালৰ বীজত ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয় ।

★ কঠালৰ বীজত মেগনেচিয়াম, মেংগানিজৰ দৰে পোষক তত্ব অধিক পৰিমাণে পোৱা যায়, যি হাড়বিলাকত হোৱা কেলচিয়ামৰ অৱশোষণত সহায়ক হয় । লগতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুচল কৰি তোলাত সহায় কৰে ।

★ কঠালৰ বীজত ষ্টাৰছ পোৱা যায়, যি আমাৰ শৰীৰক শক্তি প্ৰদান কৰে । শক্তিৰ বাবে ই এবিধ সুন্দৰ উৎস, যি সোৱাদযুক্তও হয় ।

★কঠালৰ বীজত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়, যি বৰ্ধিত বয়সৰ গতি মন্থৰ কৰাৰ লগতে আপোনাক অৱসাদ মুক্ত কৰি ৰখাত যথেষ্টখিনি সহায়ক হয় ।

★ কঠালৰ বীজত লিগ্নেন্ছ, আইছফলেবন্ছ, চেপনিন্ছ তথা অন্য লাভজনক ফাইটনিউট্ৰিয়েন্ছ পোৱা যায়, যি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে উপকাৰী ।

Exit mobile version