মানপত্ৰ গ্ৰহণ কৰাৰ সময়ত থাকিব নোৱাৰিব দুজনতকৈ অধিক লোক, জনালে নিৰ্বাচনী আয়োগে

unnamed 1

ভোট গণনা কেন্দ্ৰত ফলাফল ঘোষণাৰ পাছত ৰিটাৰ্ণিং বিষয়াৰ পৰা মানপত্ৰ গ্ৰহণ কৰাৰ সময়ত বিজয়ী প্ৰাৰ্থী বা তেওঁৰ মনোনীতৰ লগত দুজনতকৈ অধিক লোক থাকিব নোৱাৰিব । আজি এই বিষয়ে জনায় ভাৰতীয় নিৰ্বাচনী আয়োগে ।

বিগত কিছু সপ্তাহ ধৰি সমগ্ৰ দেশতে উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সেয়ে আজি নিৰ্বাচন আয়োগৰ এক বিজ্ঞপ্তিত এই তথ্য জনোৱা হয় ।

আগন্তুক দুই মে’ত অসমসহ চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব । ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে ফলাফল ঘোষণা কৰা ‌দিনটোত আৰু ইয়াৰ পাছতো কোনো ধৰণৰ বিজয় উল্লাস বা সভা-সমাৱেশত নিষেধাজ্ঞা জাৰি কৰিছে ।

অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুন্দিছেৰিত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । ২৯ এপ্ৰিলত পশ্চিমবংগত অষ্টম তথা অন্তিম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ’ব ২৯৪ খন আসনৰ বাবে ।

Exit mobile version