যিকোনাে মুহূর্ততে কাৰাগাৰৰ ভিতৰত মৃত্যু হ’ব পাৰে ৰাছিয়াৰ শীর্ষ বিৰােধী নেতা এলেক্সেই নাভালনি। চিকিৎসকসকলে ইতিমধ্যে এই আশংকা প্রকাশ কৰিছে। নাভালনিৰ মুখপাত্র কিৰা য়াৰমীছে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, ‘এলেক্সেই বাচি থকাৰ আশা কম, আৰু হয়তো কেইটামান দিন আছে।
নাভালনিক উন্নত চিকিৎসা প্রদান নকৰিলে তেওঁৰ প্রাণহানিৰ শংকা আছে বুলি দুসপ্তাহ পূর্বেই ৰুচ্ছ বিৰােধী নেতাজনক চিকিৎসা সেবা প্রদান কৰা চিকিৎসকে মত প্ৰকাশ কৰিছিল। নাভালনিৰ স্বাস্থ্য সংকটৰ প্ৰসংগত ৰাছিয়াক সকীয়নি দিলে আমেৰিকাই।
মার্কিন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছালিভানে হুংকাৰ দি কয় যে নাভালনিৰ মৃত্যু হলে ক্রেমলিনে ইয়াৰ পৰিণতি ভুগিব লাগিব। উল্লেখ্য যে ৰাছিয়াতাে ভ্রাডিমীৰ পুটিন বিৰােধী শিবিৰে নাভালনিৰ সুচিকিৎসা আৰু মুক্তিৰ দাবীৰে ব্যাপক আন্দোলন অব্যাহত ৰাখিছে। নাভালনিক ৰাছিয়াৰ চৰকাৰে সন্ত্রাসবাদী হিচাপে গণ্য কৰি আদালতত পুটিন বিৰােধী নেতাজনৰ বিৰুদ্ধে একাধিক গােচৰ তৰিছে।
পুটিনক সমালােচনা কৰি অহাৰ কাৰণতে ৰুছ বিৰােধী নেতাজনক এইদৰে চৰকাৰে ভুৱা গােচৰত সন্ত্রাসবাদী সজাই কাৰাবন্দী কৰাৰ অভিযােগাে উত্থাপিত হৈ আহিছে।