ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে তীৰ্থ যাত্ৰা স্থগিত কৰিলে উত্তৰাখণ্ড চৰকাৰে । আগন্তুক ১৪ মে’ৰ পৰা তীৰ্থযাত্ৰীসকলৰ বাবে বদ্ৰীনাথ, কেদাৰনাথ, যমুনাত্ৰী আৰু গংগ’ত্ৰী খুলি দিয়াৰ কথা আছিল । সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে যাত্ৰা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰাখণ্ড প্ৰশাসনে ।
আজি তীৰ্থযাত্ৰা বাতিলৰ বিষয়ে ঘোষণা কৰি মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱতে কয়, ‘ৰাজ্যত ক’ভিড অতিমাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষত তীৰ্থযাত্ৰা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে । চাৰিটা মন্দিৰতেই কেৱল পুৰোহিতে আচাৰ অনুষ্ঠান আৰু পূজা চলাই যাব ।’
চলিত বৰ্ষত মাৰ্চলৈকে উত্তৰাখণ্ডত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল এহেজাৰ ৮৬৩ জন । কুম্ভমেলাত জনসমাগম হোৱাৰ পাছত সংক্ৰমণ বৃদ্ধি পাই ৩৩ হেজাৰৰো অধিক হয় । সম্প্ৰতি ৰাজ্যখনত দৈনিক সংক্ৰমণৰ হাৰে ছহেজাৰ অতিক্ৰম কৰিছে । দৈনিক মৃত্যুও এশৰ ঊৰ্ধ্বত । সেয়ে পৰিস্থিতিৰ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।