দেশী সুৰাৰ বাবে জনাজাত গাঁওখনেই এতিয়া দেশক দেখুৱাইছে উদাহৰণ

Screenshot 5

ইমানদিনে অবৈধভাৱে দেশীয় সুৰা প্রস্তুত কৰাৰ বাবেই জনাজাত আছিল এখন গাঁও। এতিয়া কৰ’নাৰ পৰিস্থিতিত এইখন গাঁৱেই যেন সমগ্ৰ দেশৰ বাবে দৃষ্টান্ত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গাঁওখনৰ প্রমীলা বাহিনী ইমানেই কঠোৰ হৈ পৰিছে যে তেওঁলােকক দেখি যেন সর্বনাশী কৰ’না ভাইৰাছাে ত্রস্তমান হৈ পৰিছে।

কৰ’নাৰ গ্ৰাসৰ পৰা সম্প্রতি কোনেও ৰক্ষা পােৱা নাই। যি ফালেই গৈছে, সেই ফালেই মষিমূৰ কৰি নিছে কৰ’নাই। দেশৰ প্রায় প্রতিখন ৰাজ্য, প্রত্যেক জিলা বা গাঁও-চহৰত এতিয়া কৰ’না ভাইৰাছ সােমাই পৰিছে। সমগ্র দেশতে দ্রুতগতিৰে বৃদ্ধি পাইছে সংক্রমণ, ৰখাব পৰাই নাই ক’ভিডত মৃত্যুৰ গতিকো।

ঠিক যেন অশ্বমেধৰ ঘোঁৰা দৌৰাইছে। কৰ’না ভাইৰাছে। তেনে অৱস্থাতাে কিন্তু এই অতিমাৰীৰ পৰা যথেষ্ট দূৰত্ব বর্তাই ৰাখিছে এখন গাঁৱে। মাত্র কিছুদিনৰ আগলৈকে দেশীয় সুৰাৰ অবৈধ ব্যৱসায় কৰাৰ বাবে ভদ্র সমাজে যিখন গাঁৱক অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল, এতিয়া সেইখন গাঁৱেই হৈ পৰিছে আলােচনাৰ মধ্যমণি। কিয়নাে কৰ’নাৰ সংক্রমণ ৰােধ কৰি অনন্য দৃষ্টান্ত স্থাপন কৰিছে এই সৰু গাঁওখনে।

এই গাঁওখনেই হৈছে মধ্যপ্রদেশৰ বেতুল জিলাৰ অন্তৰ্গত চিখালা গাঁও। ইতিমধ্যেই কৰ’নাক প্ৰতিৰােধ কৰি এই গাঁওখনে সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। ২০০৯ৰ গণনা অনুসৰি মুঠ ৮৭টা পৰিয়ালে বাস কৰা গাঁওখনৰ জনসংখ্যা ৪৭৬জন। গাঁৱত পুৰুষ আৰু মহিলাৰ অনুপাত প্রায় সমান। ২৪০গৰাকী মহিলাৰ বিপৰীতে আছে ২৩৬জন পুৰুষ।

প্রধানকৈ গাঁওখনৰ নাৰী বাহিনীৰ তৎপৰতাতে এই প্রায় অসম্ভৱ কার্য সম্ভৱ হৈ পৰিছে। কৰ’নাৰ সংক্রমণ ৰােধ কৰাৰ বাবে তেওঁলােকে কোনাে বহিৰাগতক গাঁওখনত প্রৱেশ কৰিবলৈ দিয়া নাই। নিজেও সততে গাঁৱৰ বাহিৰ নহয়। নিত্য- প্রয়ােজনীয় সামগ্রীৰ বাবে তেওঁলােকে দুজন যুৱক নিয়ােজিত কৰিছে।

সেই যুৱকদ্বয়েই গাঁওবাসীৰ প্ৰয়ােজনীয়তাখিনি জানি লৈ সেই অনুসাৰে গাঁৱৰ বাহিৰৰ পৰা সেইবােৰ সামগ্ৰী হৈ আনে আৰু ঘৰে ঘৰে দি আহে। চিখালা গাঁৱলৈ প্ৰৱেশৰ মূল পথটো বাঁহৰ বেৰ দি বন্ধ কৰি দিছে মহিলাসকলে। গাঁৱৰ মহিলাসকলে নিজৰ মাজতে ভাগ পাতি ২৪ ঘণ্টাই গাঁওখন লাঠি হাতত লৈ পহৰা দি আছে। অকাৰণত কোনােবাই ৰাস্তাত ঘূৰি ফুৰা দেখিলেই তেওঁলােকে প্রয়ােজনত লাঠিৰ প্ৰহাৰ কৰি ৰাস্তা খালি কৰিবলৈকো তেওঁলােকে কুণ্ঠাবােধ কৰা নাই।

দেশত ইতিমধ্যেই কৰ’নাৰ দ্বিতীয় লহৰত দৈনিক প্রায় চাৰি লাখ লােক আক্রান্ত হৈছে। এনে ভয়ানক পৰিস্থিতিতে চিখালা গর্মেতৈল গাঁৱক স্পর্শ কৰিব পৰা নাই কৰ’নাই। অথচ এইখন গাঁৱেই কিছুদিনৰ আগলৈকে দেশীয় সুৰাৰ বাবে কুখ্যাত আছিল। গাঁওখনৰ প্রত্যেক গাঁৱতে প্রস্তুত কৰা হৈছিল বেআইনী দেশীয় সুৰা। সেয়াই আছিল গাঁওবাসীৰ জীৱিকাৰ মূল উপাদান। এতিয়া সেইখন গাঁৱৰে মহিলাসকলৰ এই উদ্যোগ স্বাভাৱিকতে সর্বত্রে প্রশংসিত হৈছে।

Exit mobile version