ফকিৰাগ্ৰামৰ বিভিন্ন সমষ্টিৰ অঞ্চল পৰিদৰ্শন অৰূপ কুমাৰ দেৰ

WhatsApp Image 2021 04 30 at 12.07.57 PM

৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ অধীনত থকা অঞ্চলসমূহ পৰিদৰ্শন কৰে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই।
আজি ফকিৰাগ্ৰাম সমষ্টিৰ অধীন জয়পুৰ, মইসবাথান, বদলাগাঁও, প্ৰতাপখাতা, তুলসীবিল আদি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ লগত মতবিনিময় কৰে।

তুলসীবিলৰ পৰা মইসবাথান যোৱা পথটো আগন্তুক দূৰ্গা পূজাৰ পূৰ্বে পকী কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বদলাগাঁও অঞ্চলৰ নৈৰ গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ বাবে বিভাগীয় বিষয়াৰ লগত আলোচনা কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।

লগতে মইসবাথান পৰা প্ৰতাপখাতা যোৱা পথটোৰ মাজত প্ৰয়োজন হোৱা দলংখনৰ কামো অহা বাজেট অধিবেশনৰ পাছত আৰাম্ভ কৰিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি প্রদান কৰে ইএম অৰূপে ।

Exit mobile version