অসমত আজিৰ পৰাই ১৮ৰ ঊৰ্ধ্বৰ সকলক প্ৰতিষেধক প্ৰদান কৰা সম্ভৱ নহয়, জনালে জিলা প্ৰশাসনে

1000x 1

কেন্দ্ৰীয় নীতি অনুসৰি, আজিৰ পৰাই ১৮ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ সকলক প্ৰতিষেধক প্ৰদান কৰাৰ কথা আছিল । কিন্তু প্ৰতিষেধক উপলব্ধ নোহোৱাৰ বাবে দেশৰ মাত্ৰ ছয়খন ৰাজ্যই এই সুবিধা আৰম্ভ কৰিবলৈ সক্ষম হৈছে ।

কেৰালা, পঞ্জাৱ, গুজৰাট, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, দিল্লী, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহে স্পষ্টভাৱে জনাইছে যে, এই ৰাজ্যসমূহত সামগ্ৰিকভাৱে ১৮-৪৫ বয়সৰ টিকাকৰণৰ বাবে পৰ্যাপ্ত ভেকচিন নাই ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্পষ্টভাৱে কৈছে যে, কাৰ্যসূচীটো আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় ভেকচিনৰ পৰিমাণ ৰাজধানীত উপলব্ধ নহয়‌ । জনসাধাৰণৰ প্ৰতি তেওঁৰ আবেদন যে, সম্প্ৰতি তেওঁলোকে যাতে কেন্দ্ৰৰ কথা মতে শাৰী নাপাতে । তেওঁ কয় যে, অহা দুদিনত দিল্লীয়ে তিনি লাখ ভেকচিন লাভ কৰিব আৰু ইয়াৰ পাছতে টিকাকৰণ আৰম্ভ কৰিব পাৰি‌ ।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰৰ বাণিজ্যিক চহৰ মুম্বাইত ভেকচিনৰ অভাৱৰ বাবে শুকুবাৰৰ পৰা টিকাকৰণ বন্ধ কৰা হৈছে । বিবৃতিটোত কোৱা হৈছে যে, ভেকচিনৰ অভাৱৰ বাবে ৩০ এপ্ৰিলৰ পৰা দুই মে’লৈ মুম্বাইত ভেকচিন প্ৰদান কৰা নহ’ব।

ইতিমধ্যে উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ভিতৰত সাতখনত টিকাকৰণ আৰম্ভ কৰা হৈছে । লক্ষ্ণৌ, কানপুৰ, প্ৰয়াগৰাজ, বাৰাণসী, গোৰখপুৰ, মীৰাটত পুৱাৰে পৰা ভেকচিনৰ শাৰী দেখা গৈছে।

ৰাজস্থানত মাত্ৰ তিনিখন জিলাত ১৮-৪৪ বছৰৰসকলক টিকাকৰণ আৰম্ভ কৰা হৈছে। আজমেৰ, জয়পুৰ আৰু যোধপুৰৰ বাসিন্দাসকলক টিকাকৰণ কৰা হৈছে । গুজৰাটত ৩৩খন জিলাৰ ভিতৰত মাত্ৰ ১০খন জিলাই টিকাকৰণ কৰি আছে। উৰিষ্যাইও বিক্ষিপ্তভাৱে টিকাকৰণ কৰি আছে ।

বাংলাদেশত টিকাকৰণ পাঁচ মে’ৰ পাছত আৰম্ভ হ’ব, অৰ্থাৎ ভোটদান সম্পূৰ্ণৰূপে সমাপ্ত হোৱাৰ পাছত । অসম, তেলেংগানা, কৰ্ণাটক আৰু ছত্তীশগড়ৰে জনাইছে যে আজিৰ পৰা গণটিকাকৰণ সম্ভৱ নহয়।

Exit mobile version