ভাৰতক শীঘ্ৰে তলাবন্ধ জাৰি কৰাৰ সকিয়নী বাইডেন প্ৰশাসনৰ

118165192 tv066923861

সংক্ৰমণৰ দ্বিতীয় ঢৌ ৰোধ কৰিবলৈ কিছু সপ্তাহৰ বাবে ভাৰতত তলাবন্ধ জাৰি কৰাৰ পৰামৰ্শ দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন প্ৰশাসনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা এপিডেমিঅ’লজিষ্ট এণ্টনি ফ’চিয়ে ।

ADVERTISEMENT

এণ্টনি ফ’চিয়ে কয়, ভাৰতত অতি শীঘ্ৰে তলাবন্ধ জাৰি কৰা উচিত ।  ভাৰতৰ ক’ভিড সংক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বাইডেন প্ৰশাসনে । তেওঁলোকে কয় যে, ভাৰতৰ পৰিস্থিতি অতি ভয়াবহ । সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভাৰতত এতিয়াও শীৰ্ষ স্থান পোৱা নাই । পৰৱৰ্তী সময়ত পৰিস্থিতি যে ইয়াতকৈও বেয়া হ’ব সেইটো নিশ্চিত ।

ফ’চিয়ে কয়, ‘ভাৰতত অতি শীঘ্ৰে কিছু সপ্তাহৰ বাবে তলাবন্ধ জাৰি কৰা উচিত । নহ’লে আৰু বিপদত পৰিব ভাৰত ।’

বিশ্বৰ ক’ভিড সমস্যাৰ যুঁজৰ আৰু স্বাস্থ্য নিৰাপত্তাৰ দায়িত্বপ্ৰাপ্ত আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ ক’অৰ্ডিনেটৰ গেল ই স্মিথ ৱাশ্বিংটনে শুকুৰবাৰে এক সংবাদ মেলত কয়, ‘ভাৰতৰ ক’ভিড পৰিস্থিতি খুবেই বেয়া । আমি অতি উদ্বিগ্ন । ভাৰতত প্ৰতিদিনে নতুন আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে । কিন্তু এই পৰ্যন্ত ভাৰতত সংক্ৰমণৰ দ্বিতীয় ঢৌৱে শীৰ্ষ বিন্দু পোৱা নাই ।’

স্মিথে জনায় যে, সম্প্ৰতি ভাৰতক সকলো ধৰণৰ সহায় কৰা প্ৰয়োজন । সেয়ে ইতিমধ্যে বাইডেন প্ৰশাসনে ভাৰতক অক্সিজেন সৰবৰাহ, চিকিৎসাকৰ্মীসকলৰ সুৰক্ষা আৱৰণী, পৰীক্ষাৰ বাবে বিভিন্ন  সৰঞ্জাম আৰু প্ৰতিষেধক প্ৰস্তুতকাৰী কেঁচামাল প্ৰেৰণ কৰাৰ দৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে ।

Exit mobile version