প্ৰতিষেধক ভৰ্তি এখন পৰিত্যক্ত ট্ৰাকক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মধ্যপ্ৰদেশৰ কৰেলিত । আজি পুৱা মধ্যপ্ৰদেশৰ নৰসিংহপুৰ জিলাৰ কৰেলি বাছ ষ্টেণ্ডৰ কাষত ট্ৰাকখন বাজেয়াপ্ত কৰে আৰক্ষীয়ে । ট্ৰাকখনৰ ভিতৰত প্ৰায় আঢ়ৈ লাখ ক’ভেক্সিন ড’জ আছিল ।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আজি পুৱা আৰক্ষীয়ে খবৰ লাভ কৰে যে, পথৰ কাষত দীৰ্ঘ সময় ধৰি এখন ট্ৰাক ৰখাই থোৱা আছে । ঘটনাস্থলিত উপস্থিত হৈ আৰক্ষীয়ে দেখে যে ট্ৰাকখনত ক’ভেক্সিন প্ৰতিষেধক আছে । ইতিমধ্যে ট্ৰাক চালকৰ সন্ধান পোৱা নাই । ট্ৰাকৰ কাষতে চালকৰ মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি আৰক্ষীয়ে ক’ৰ পৰা ক’লৈ, কিয় আৰু কোনে ট্ৰাকখন আনিছিল তাৰ তদন্ত চলাই আছে ।
আৰক্ষীয়ে জনায় যে, ট্ৰাকখনত প্ৰায় আঠ কোটি টকাৰ প্ৰতিষেধক আছিল । ট্ৰাকখনত তাপ নিয়ন্ত্ৰক যন্ত্ৰ চলি থকাৰ বাবে কোনো প্ৰতিষেধক নষ্ট নহয় ।