কৰ’নাৰ সংক্রমণক আওকাণ কৰাৰ পৰিণতি বিষম হ’ব পাৰে। উত্তৰ প্রদেশৰ বৰেলীৰ নবাবগঞ্জ বিধানসভাৰ বিজেপিৰ বিধায়ক কেশৰ সিং গংগৱাৰে কৰ’নাত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে।
যােৱা ২৮ এপ্রিলত বিধায়কজনৰ ক’ভিডত মৃত্যু হৈছিল । গংগৱাৰৰ এক ভিডিঅ’ শেহতীয়াভাৱে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে । এই ভিডিঅ’ত গংগৱাৰে মাস্ক পৰিধান নকৰাকৈ বিধানসভাত উপস্থিত হােৱাৰ দৃশ্য আবদ্ধ হৈছিল।
সেই সময়ত সাংবাদিকে বিধায়কজনক কিয় মাস্ক পৰিধান কৰা নাই বুলি প্রশ্ন কৰিছিল। উক্ত ভিডিঅ’ত গংগৱাৰে সাংবাদিক প্রশ্নৰ উত্তৰ দি কৈছিল, ‘এতিয়া ক’ভিড নাই। এতিয়া ক’ত ক’ভিড আছে ?’
যােৱা ১০ এপ্রিলত হঠাতে অসুস্থ হােৱা গংগৱাৰক পৰিয়ালৰ লােকে বৰেলীৰ ৰামমূর্তি মেডিকেল কলেজ হাস্পতালত ভর্তি কৰাইছিল । চিকিৎসকে বিধায়কজনৰ শৰীৰত ক’ভিডৰ সংক্রমণ ধৰা পেলায় ।
চিকিৎসাধীন অৱস্থাতে যােৱা ২৮ এপ্রিলত কৰ’নাৰ উপস্থিতিক লৈ প্রশ্ন উত্থাপন কৰা এইজন বিধায়কে এই মাৰাত্মক ভাইৰাছত সংক্রমিত হৈয়ে শেষ নিশ্বাস ত্যাগ কৰে।