বিশ্বব্যাপী কৰ’নাৰ সংক্রমণ বৃদ্ধি পােৱাৰ বাবে পুনৰ তলাবন্ধৰ দৰে কঠোৰ সিদ্ধান্ত সিদ্ধান্ত বলবৎ কৰিবলগীয়া হৈছে বহু কেইখন দেশে। ফলস্বৰূপে এবছৰৰাে কম ব্যৱধানত পুনৰ গৃহবন্দী হৈ পৰিছে বহু মানুহ।
যিবােৰ দেশত চৰকাৰে তলাবন্ধ জাৰি কৰা নাই, তাতাে স্বাস্থ্য ৰক্ষাৰ খাতিৰত স্বঘােষিত তলাবন্ধ পালন কৰি ঘৰৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে ইয়াৰ পাছত প্রযুক্তি প্রতিষ্ঠানসমূহৰ আয় যােৱা বাৰৰ দৰে ব্যাপক হাৰত বৃদ্ধি পাইছে।
ছার্চ ইঞ্জিন গুগলৰ মূল প্রতিষ্ঠাপক সংস্থা এলফাবেটে জানিবলৈ দিয়া মতে, চলিত বছৰৰ প্রথম তিনি মাহত সংস্থাটোৱে ১৭.৯ বিলিয়ন মার্কিন ডলাৰৰ মুনাফা বুটলি এক ধৰণৰ অভিলেখ ৰচিছে। বিগত বছৰৰ একেছােৱা সময়ৰ তুলনাত আয় বৃদ্ধি পাইছে ১৬২ শতাংশ।
মূলতঃ ৰমৰমীয়া বিজ্ঞাপন ব্যৱসায়ৰ বাবেই এই ধৰণে আয় বৃদ্ধি পাইছে সংস্থাটোৰ। তদুপৰি তলাবন্ধৰ বাবে হােৱা বর্ধিত ইণ্টাৰনেটৰ ব্যৱহাৰেও আয় বৃদ্ধিত অৰিহণা যােগাইছে। শেহতীয়াকৈ বিবিচি অনলাইনৰ এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে।
গুগল আৰু এলফাবেটৰ প্রধান কার্যবাহী বিষয়া সুন্দৰ পিচাইয়ে বিবিতিক অৱগত কৰা মতে, বিগত এবছৰ ধৰি গুগলত অনুসন্ধানৰ হাৰ বঢ়াৰ লগতে বিনােদনৰ বাবে অনলাইন সেৱা ক্ৰয়ৰ পৰিমাণে বৃদ্ধি পাইছে। এই মুনাফাৰ ভিতৰত গুগলৰ অনুসন্ধান ব্যৱসায়ৰ পৰা আহিছে ৩০ শতাংশ অর্থাৎ প্রায় ৩১.৯ বিলিয়ন ডলাৰ।
ক’ভিডৰ বাবেই বহু গ্রাহকে অনলাইন শ্বপিত নিৰ্ভৰশীল হৈ পৰা বাবেও এলফাবেটৰ ডিজিটেল বিজ্ঞাপন ব্যৱসায়ৰ এই অভাৱনীয়া লাভ হৈছে বুলি প্রতিবেদনত প্রকাশ।