কেৰালাত ঐতিহাসিক প্ৰত্যাবৰ্তন বিজয়নৰ

1597500986 pinarayi vijayan

দীৰ্ঘ কালৰ নীতি ভংগ হ’ল কেৰালাত । নতুন দিগন্তৰে দক্ষিণী ৰাজ্যত ক্ষমতাত আহিল বামপন্থীসকল । পিনৰাই বিজয়নেই প্ৰথম মুখ্যমন্ত্ৰী যাৰ নেতৃত্বত কোনো চৰকাৰে ৰাজ্যত প্ৰত্যাবৰ্তন আনিবলৈ সক্ষম হ’ল ।

দলৰ আভ্যন্তৰীণ ৰিপ’ৰ্টত চিপিএমঅ’ ভোটৰ পাছত জয়ী হোৱাৰেই গণনা কৰিছিল । শেষ পৰ্যন্ত ভোটৰ প্ৰকৃত ফলে সেই গণনাও অতিক্ৰম কৰিলে । নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, চিপিএম-ৰ নেতৃত্বাধীন এলডিএফ-ৰ ৯৯‌ টা সমষ্টিত জয় লাভ । ইতিহাস গঢ়াৰ পাছত মুখ্যমন্ত্ৰী বিজয়নৰ প্ৰতিক্ৰিয়া, ‘এই জয় কেৰালাবাসীৰ । আমি জনসাধাৰণক বিশ্বাস কৰো । তেওঁলোকেও আমাক বিশ্বাস কৰে ।’

মুঠ ১৪০ টা সমষ্টিৰ ৪১ টা সমষ্টি লাভ কৰিছে কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ-এ । সকলো সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিও কোনো কেন্দ্ৰতে জয়ৰ মুখ নেদেখে বিজেপিয়ে । পাঁচ বছৰ পূৰ্বে ৯১ টকা সমষ্টিত জয়ী হৈ এলডিএফ ক্ষমতাত আহিছিল, এইবাৰ তাতোকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ল তেওঁলোকে ।

দুবছৰ পূৰ্বে লোকসভা নিৰ্বাচনত কেৰালাত ২০ টাৰ ভিতৰত ১৯ টা আসনে কংগ্ৰেছে লাভ কৰিছিল ‌। মাত্ৰ এটা আসন আছিল চিপিএমৰ দখলত । দুবছৰৰ ভিতৰত চিপিএম তথা বামপন্থী দলে যিদৰে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ’ল, থিক তেনেদৰে বিপৰ্যয়ৰ মুখত পৰিল কংগ্ৰেছ ।

২০১৯ত কেৰালাৰ ৱেনাৰৰ পৰা লোকসভাত নিৰ্বাচিত হৈছিল ৰাহুল গান্ধী । এইবাৰ ৰাহুলে ৱেনাৰ জিলাৰ তিনিটা আসন লাভ কৰিবলৈ সক্ষম হ’লেও সমগ্ৰ ৰাজ্যত কংগ্ৰেছৰ ফ্ৰণ্ট ইউডিএফ-ৰ বিশেষ লাভ নহয় ।

চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম ইয়েচুৰীয়ে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কয়, ‘কেৰালাবাসীক অভিবাদন ! এই সংকটৰ সময়ত তেওঁলোকে পথ প্ৰদৰ্শন কৰিছে । বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ, কৰ’নাৰ দৰে অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াতেই হওক বা সংবিধানৰ আদৰ্শ ৰক্ষা কৰিবলৈ এলডিএফ চৰকাৰে যিদৰে কাম কৰিছে, তাৰ ওপৰত মানুহৰ আস্থা আছে । আৰ্থ-সামাজিকভাৱে ভাৰতক যি বিকল্পৰ প্ৰয়োজন, কেৰালাৰ বামপন্থী চৰকাৰে সেই চেষ্টাই কৰিছে আৰু ভৱিষ্যতেও কৰিব ।’

দলৰ সাধাৰণ সম্পাদক প্ৰকাশ কৰাটে কয়, ‘বিগত ৪০ বছৰত কেৰালাত কোনো চৰকাৰে একেলেথাৰি দুবাৰ ক্ষমতাত অহা নাই । এই ফলাফলৰ পৰাই বুজা যায় যে, বিজয়নৰ নেতৃত্বাধীন চৰকাৰে যিদৰে বন্যা আৰু ক’ভিডৰ বিৰুদ্ধে যুঁজ দিছে আৰু জনমুখী উন্নয়ন কৰিছে, ৰাজ্যবাসী তাৰ লগত আছে ।’

নিজৰ প্ৰত্যাবৰ্তনৰ লগতে গেৰুৱা শিবিৰক ধূলিস্যাৎ কৰাক তাৎপৰ্যপূৰ্ণ গণ্য কৰে চিপিএমৰ নেতাসকলে । ৰাজ্যখনৰ প্ৰাক্তন বিত্তমন্ত্ৰী আৰু চিপিএমৰ কেন্দ্ৰীয় কমিটিৰ সদস্য টমাছ আইজেকে কয়, ‘আমি কেৰালাত বিজেপি শূণ্য কৰিব বিচাৰিছিলো । ৰাজ্যবাসীয়ে এই পৰিকল্পনা পূৰণ কৰাত সহায় কৰিলে । যোৱাবাৰ বিজেপিয়ে এটা আসন লাভ কৰিছিল, এইবাৰ সেইটোও হেৰুৱালে ।’

Exit mobile version