নাইট্ৰ’জেনৰ পৰা অক্সিজেন !

ক'ভিড যুদ্ধত অভাৱ পূৰণ কৰিবলৈ পৰামৰ্শ দি বিতৰ্কৰ সন্মুখীন হ'ল যোগী চৰকাৰ

yogi adityanath pti image 1619939134

ক’ভিড পৰিস্থিতিত অক্সিজেনৰ নাটনি পূৰণ কৰিবৰ বাবে ‘প্ৰশংসনীয়’ আৰু ‘অভূতপূৰ্ব’ উপায় ওলিয়ালে উত্তৰ প্ৰদেশ চৰকাৰে । এটা মৌলক কেনেকৈ অন্য এটা মৌল লৈ ৰূপান্তৰ কৰিব পাৰি তাৰেই ইংগিত পোৱা গ’ল উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ তৰফৰ পৰা । ইয়াকে লৈ ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত ।

ক’ভিড পৰিস্থিতিত অক্সিজেনৰ নাটনি পূৰণ কৰিবৰ বাবে নাইট্ৰ’জেনৰ পৰা অক্সিজেন প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰে । তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি আইআইটি কানপুৰৰ পৰা সহায় বিচাৰি আবেদনো কৰা হৈছে ।

টুইটত লিখা হয়, ‘অক্সিজেনৰ সৰবৰাহ অব্যাহত ৰাখিবৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰিব লাগিব । সকলো ধৰণৰ সম্ভাৱনা আৰু বিকল্পৰ সদ্ব্যৱহাৰ কৰিব লাগিব । নাইট্ৰজেনৰ পৰা অক্সিজেন প্ৰস্তুত কৰণৰ বিষয়ত আইআইটি কানপুৰ আৰু অন্য বিশেষজ্ঞসকলৰ স’তে আলোচনা কৰিব লাগিব ।’

https://twitter.com/KaptanHindostan/status/1388607895797854208?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1388607895797854208%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcoronavirus-in-india-up-cm-yogi-wants-to-make-oxygen-from-nitrogen-tweeter-reacts-dgtl%2Fcid%2F1279114

এই টুইটৰ প্ৰত্যুত্তৰ নিদি থাকিব নোৱাৰিল সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল । নাইট্ৰজেনৰ ‘এন’ আৰু অক্সিজেনৰ ‘অ’ লিখি ‘ন’ বুলি পোষ্ট কৰে এজনে । এজনে আকৌ কেৱল নাইট্ৰজেনতে সীমাবদ্ধ নাথাকি সকলো মৌলকেই অক্সিজেনত ৰূপান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়ে ।

https://twitter.com/PrezzVerde/status/1388735811718287368?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1388735811718287368%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcoronavirus-in-india-up-cm-yogi-wants-to-make-oxygen-from-nitrogen-tweeter-reacts-dgtl%2Fcid%2F1279114

Exit mobile version