ক’ভিড পৰিস্থিতিত অক্সিজেনৰ নাটনি পূৰণ কৰিবৰ বাবে ‘প্ৰশংসনীয়’ আৰু ‘অভূতপূৰ্ব’ উপায় ওলিয়ালে উত্তৰ প্ৰদেশ চৰকাৰে । এটা মৌলক কেনেকৈ অন্য এটা মৌল লৈ ৰূপান্তৰ কৰিব পাৰি তাৰেই ইংগিত পোৱা গ’ল উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ তৰফৰ পৰা । ইয়াকে লৈ ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত ।
ক’ভিড পৰিস্থিতিত অক্সিজেনৰ নাটনি পূৰণ কৰিবৰ বাবে নাইট্ৰ’জেনৰ পৰা অক্সিজেন প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰে । তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি আইআইটি কানপুৰৰ পৰা সহায় বিচাৰি আবেদনো কৰা হৈছে ।
টুইটত লিখা হয়, ‘অক্সিজেনৰ সৰবৰাহ অব্যাহত ৰাখিবৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰিব লাগিব । সকলো ধৰণৰ সম্ভাৱনা আৰু বিকল্পৰ সদ্ব্যৱহাৰ কৰিব লাগিব । নাইট্ৰজেনৰ পৰা অক্সিজেন প্ৰস্তুত কৰণৰ বিষয়ত আইআইটি কানপুৰ আৰু অন্য বিশেষজ্ঞসকলৰ স’তে আলোচনা কৰিব লাগিব ।’
https://twitter.com/KaptanHindostan/status/1388607895797854208?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1388607895797854208%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcoronavirus-in-india-up-cm-yogi-wants-to-make-oxygen-from-nitrogen-tweeter-reacts-dgtl%2Fcid%2F1279114
এই টুইটৰ প্ৰত্যুত্তৰ নিদি থাকিব নোৱাৰিল সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল । নাইট্ৰজেনৰ ‘এন’ আৰু অক্সিজেনৰ ‘অ’ লিখি ‘ন’ বুলি পোষ্ট কৰে এজনে । এজনে আকৌ কেৱল নাইট্ৰজেনতে সীমাবদ্ধ নাথাকি সকলো মৌলকেই অক্সিজেনত ৰূপান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়ে ।
https://twitter.com/PrezzVerde/status/1388735811718287368?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1388735811718287368%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcoronavirus-in-india-up-cm-yogi-wants-to-make-oxygen-from-nitrogen-tweeter-reacts-dgtl%2Fcid%2F1279114