সুস্থ হৈয়ে পুনৰ ‘লাল সিং চড্ডা’ৰ দৃশ্যগ্রহণত ব্যস্ত আমিৰ

81121607

বলিউডৰ নিখুঁত অভিনেতা হিচাপে পৰিচিত আমিৰ খান পুনৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হ’ল। কিছুদিন পূর্বে অভিনেতাজন ক’ভিড-১৯ত আক্রান্ত হৈছিল আৰু বর্তমানে তেওঁ ক’ভিডক পৰাভূত কৰি পুনৰ অভিনয় নিয়ােজিত হ’ল।

প্রকাশিত বাতৰি অনুসৰি আমিৰে সুস্থ হােৱাৰ লগে লগে নির্মীয়মান ছবি ‘লাল সিং চড্ডা’ৰ অন্তিম দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিছে। ছবিখনৰ অন্তিম পর্যায়ৰ দৃশ্যগ্রহণ লাডাখত কৰা হৈছে।

সূত্ৰ অনুসৰি, লাডাখত আমিৰে লাল সিং চড্ডা’ৰ দৃশ্যগ্রহণত অংশ লৈছে । অভিনেতাজনে লাডাখত ৪৫ দিন ধৰি ছবিখনৰ শ্যগ্ৰহণ কৰাৰ কথা। আমিৰৰ এইখন ছবিত কার্গিল যুদ্ধৰ দৃশ্য আছে আৰু দৃশ্যগ্ৰহণৰ বাবে অভিনেতাজনে বিদেশলৈ যােৱাৰ পৰিকল্পনা গ্রহণ কৰিছিল।

কিন্তু ক’ভিড পৰিস্থিতিত বিদেশত ছবিৰ দৃশ্যগ্ৰহণ কৰাটো সম্ভৱ নােহােৱাত আমিৰে এই দৃশ্য লাডাখত গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

Exit mobile version