কেৱল যিসকলে ভুগিছে তেওঁলোকেহে বুজি পায় যে হাপানি বা আজমা কিমান কঠিন ! হাপানি যিকোনো বয়সতে হ’ব পাৰে, কিন্তু শিশুৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি।বিভিন্ন ঔষধে হাপানি নিয়ন্ত্ৰণলৈ আনে যদিও ইয়াক সম্পূৰ্ণ নিৰাময় কৰিব নোৱাৰে । ওলোটা ঔষধৰ পাৰ্শ্বক্ৰিয়াও হাজাৰ! গতিকে ঘৰতে হাপানীৰ স’তে যুঁজক ! চাৰি প্ৰকাৰৰ ভেষজ চাহে আপোনাক নিমিষতে হাপানীৰ পৰা সকাহ পোৱাত সহায় কৰিব! ইয়াক কেনেদৰে বনাব ?

আদা চাহ – একাপ উতলা পানীত এক চামুচ আদা পেষ্ট মিহলি কৰক আৰু ইয়াক উতলাওক। এতিয়া চাহ খিনি চেকণিৰে চেকি ইয়াক পান কৰক।

ইউকেলিপ্টাছ চাহ – এই গছৰ পাতত এণ্টিঅক্সিডেণ্ট আৰু কিছুমান উদ্ভিজ্জ যৌগ থাকে যি হাপানি হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ইউকেলিপ্টাছৰ এন্টি-ইনফ্লেমেটৰি উপাদানে হাপানি হ্ৰাস কৰে। একাপ উতলা পানীত এক চামুচ শুকান ইউকেলিপ্টাছ পাত মিহলি কৰক, পাঁচ মিনিটৰ বাবে ভালদৰে উতলাওক আৰু চেকণিৰে চেকি ইয়াক পান কৰক।

যষ্টিমাধুৰ চাহ – একাপ পানীত এক চামুচ শুকান যষ্টিমধু মিহলি কৰক, ইয়াক পাঁচ মিনিটৰ বাবে উতলাওক, আৰু খাওক।

গ্ৰীণ টি – গ্ৰীণ টিত থকা এণ্টিঅক্সিডেণ্ট আৰু উপকাৰী উদ্ভিজ্জ যৌগ শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে। ইয়াৰ উপৰিও, (এপিগএলটমেণ্টচিন গালেটে) নামৰ উদ্ভিজ্জ যৌগ ব্ৰংকিয়েল হাপানি নিয়ন্ত্ৰণ কৰে। ইয়াত থকা কেফেইনে হাপানি হ্ৰাস কৰে।এক কাপ উতলা গৰম পানীত এক চাহ চামুচ গ্ৰীণ টি মিহলি কৰক আৰু ইয়াক পাঁচ মিনিটৰ বাবে হেঁচি দিয়ক আৰু পান কৰক।






























