পশ্চিমবংগত তৃণমূলৰ টিকটত জয় ৰিক্সাৱালাৰ

manoranjan

পশ্চিমবংগৰ সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত এইবাৰ কে’বাজনাে অতি দৰিদ্র প্রার্থীয়ে জয়লাভ কৰিলে। এনে এজন অতি সাধাৰণ পৰিয়ালৰ পৰা বিধায়ক নির্বাচিত হােৱা ব্যক্তি হৈছে মনােৰঞ্জন ব্যাপাৰী।

তৃণমূল কংগ্রেছৰ টিকটত হাত ৰিক্সাচালক মনােৰঞ্জনে এইবাৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নির্বাচিত হ’ল। মনােৰঞ্জনে শৈশৱতে এখন চাহৰ দোকানত কাম কৰিছিল।

পাছত তেওঁ দার্জিলিং, জলপাইগুৰি, গুৱাহাটী, লক্ষ্ণৌ আৰু বেনাৰসত শ্রমিক হিচাপে কাম কৰিছিল।মনােৰঞ্জনে ইয়াৰ পাছত কলকাতালৈ উভতি গৈছিল আৰু ৰিক্সাচালক হিচাপে জীৱিকা অর্জন আৰম্ভ কৰিছিল।

কলকাতাৰ যাদৱপুৰ ৰেলৱে ষ্টেচনৰ বাহিৰত তেওঁ হাত ৰিক্সা চলাইছিল। যােৱা শতিকাৰ ৭০ৰ দশকত পশ্চিমবংগত নক্সাল আন্দোলনৰ স’তেও মনােৰঞ্জন জড়িত হৈছিল আৰু ইয়াৰ বাবে তেওঁ ২৬ মাহ কাৰাগাৰত অতিবাহিত কৰিবলগা হৈছিল।

এসময়ত বামপন্থী মনােৰঞ্জনে পাছত তৃণমূল কংগ্ৰেছত যােগদান কৰিছিল। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত মনােনয়নপত্র দাখিল কৰিবলৈ মনােৰঞ্জনে ৰিক্সা চলাই গৈছিল আৰু তেওঁ নিৰ্বাচনৰ প্ৰচাৰৰ ৰিক্সা চলায়ে অব্যাহত ৰাখিছিল।

বিধায়ক নির্বাচিত হােৱাৰ পাছত আনন্দ প্রকাশ কৰি মনােৰঞ্জনে কয় যে তেওঁ যথাসম্ভৱ ৰাইজৰ সেৱাত নিজক নিয়ােগ কৰিব।

Exit mobile version