সন্ধান ওলাল বিশ্বৰ সবাতােকৈ গধুৰ আমৰ

চাৰি কেজিৰ অধিক ওজনেৰে গঢ়িলে অভিলেখ

Colombian Farmers with the heaviest mango tcm25 657554

প্রায় সকলােৰে প্রিয় ফল আম ইতিমধ্যেই বজাৰত ওলাইছে। বাৰীৰ গছৰ পৰা কেঁচা আম পাৰি খােৱাৰ লগতে আচাৰ প্ৰস্তুত কৰিবলৈ যােজা কৰাৰ সময়তে বজাৰত ইতিমধ্যেই দেখা গৈছে চালানী আম।

তেনে অৱস্থাতে আকৌ সন্ধান পােৱা গ’ল বিশ্বৰ সবাতােকৈ ডাঙৰ আমটোৰ। আমৰ আদি বাসস্থান হৈছে ভাৰত। সেয়ে আম হৈছে ভাৰতৰ জাতীয় ফল। অথচ ভাৰতত ইমানদিনে বিশ্বৰ সবাতােকৈ বেছি ওজনৰ আমৰ সন্ধান ওলােৱা নাছিল।

বৰঞ্চ এই অভিলেখ সৃষ্টিকাৰী আমটো পােৱা গৈছে কলম্বিয়াত। ইতিমধ্যেই এই আমটোৰ নাম অন্তর্ভুক্ত হৈছে গীণিছ ৱৰ্ল্ড ৰেকৰ্ডছত। এক আন্তর্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কলম্বিয়াৰ বােয়াক্কা অঞ্চলৰ গুয়াতাৰ ছান মার্টিনৰ এখন ফার্মত কলম্বিয়াৰ দম্পতী জার্মান অৰলাণ্ডো মােতােয়া বাৰেৰা আৰু ৰেইনা মাৰিয়া মাৰােকুইনে এই কীর্তি অর্জন কৰিছে।

তেওঁলােকৰ প্রতিপালনতে বিশ্বৰ সবাতােকৈ ডাঙৰ আমটোৰ সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, এই আমটোৰ ওজন হৈছে ৪.২৫ কেজি। ইয়েই হৈছে বিশ্বৰ সবাতােকৈ বেছি ওজনৰ আম।ইয়াৰ পূর্বে সবাতােকৈ ডাঙৰ আমটো আছিল ফিলিপাইন্সত। সেইটো আমৰ ওজন আছিল ৩.৪৩৫ কেজি।

এতিয়া জার্মান আৰু ৰেইনাৰৰ আমটোৱে সেই অভিলেখ ভংগ কৰিলে। এক সাক্ষাৎকাৰত জার্মান আৰু ৰেইনাই কয় যে প্রাথমিকভাৱে আমটো ডাঙৰ হােৱাৰ সময়তে তেওঁলােকে উপলব্ধি কৰে যে ই অন্যান্য ফলতকৈ পৃথক। ইয়াৰ পাছতে তেওঁলােকৰ কন্যাই ইণ্টাৰনেটত সন্ধান কৰি জানিব পাৰে যে তেওঁলােকৰ ফাৰ্মৰ আমটোৱেই বিশ্বৰ সবাতােকৈ গধূৰ আম।

অর্থাৎ তাৰ সমান ওজনৰ কোনাে আম বিশ্বত এটাও নাই। তাৰ পাছতে গীণিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তর্ভুক্ত হয় জার্মান, ৰেইনা আৰু তেওঁলােকৰ আমটো। এই সন্দৰ্ভত জার্মানে কয়, ইয়াৰ মাধ্যমেৰে আমি সমগ্র বিশ্বকে জনাব পাৰিলাে যে কলম্বিয়াৰ মানুহাে কর্মঠ।

যিসকলে মনৰ পছন্দৰে খেতিবাতিও কৰে আৰু ইমান সুন্দৰ ফলাে উৎপাদন কৰিব পাৰে। আশা কৰাে কৰ’নাৰ পৰিস্থিতিত এই সাফল্যই অঞ্চলটোৰ আন লােকৰ মুখতাে হাঁহি বিৰিঙাব। তেওঁ এই সাফল্য গুয়ার্তাবাসীলৈকে উছৰ্গা কৰে। অৱশ্যে বিশ্বৰ এই সবাতােকৈ গধূৰ আমটো এতিয়া গছত লাগি থকা নাই।

ইতিমধ্যেই জার্মানহঁতে বিয়াগােম আমটোৰ সােৱাদ লৈছে। আমটো অত্যন্ত মিঠা আছিল, সেই কথাও তেওঁলােকে জনাইছে। অৱশ্যে আমটোৰ এক প্রতিকৃতি তৈয়াৰ কৰি স্মৃতি হিচাপে ইতিমধ্যে তেওঁলােকে স্থানীয় প্রশাসনৰ হাতত তুলি দিছে।

Exit mobile version