মাইক্র’ ব্লগিং ছাইট টুইটাৰৰ পৰা বহিষ্কৃত হােৱা বলিউডৰ অভিনেত্রী কংগনা ৰণৌটক স্বদেশী এপ ‘কু’ৱে স্বাগতম জনালে।
ভাৰতত টুইটাৰৰ বিকল্প হিচাপে পৰিচিত হােৱা ‘কু’ এপে অভিনেত্রীগৰাকীক ‘কু’ ব্যৱহাৰ কৰিবলৈ অনুৰােধ জনাই কয় যে এই এপত তেওঁ নিজৰ ইচ্ছা অনুসৰি মতামত ব্যক্ত কৰিব পাৰিব।
দেশীয় এই এপৰ প্ৰতিষ্ঠাপক অপ্রমেয় ৰাধাকৃষ্ণই বুধবাৰে কংগনাৰ এটা পষ্ট উল্লেখ কৰি কৈছিল, ‘কু এপত কংগনাৰ প্ৰথম প’ষ্ট। তেওঁ ঠিকেই কৈছে। এই এপ তেওঁৰ নিজৰ ঘৰৰ দৰে, আন সকলােবােৰ যেন ভাড়াঘৰ।
উক্ত এপৰ আন এজন সহ-প্রতিষ্ঠাপক ময়ংক বিৰাউটকায়াে কংগনাক স্বাগতম জনাই কয়, কংগনাজী, এইটো এপ্ আপােনাৰ নিজৰ ঘৰ, ইয়াত সসন্মানৰে আপুনি নিজৰ মতামত প্রকাশ কৰক ।

উল্লেখ্য যে মঙলবাৰে টুইটাৰে কংগনাৰ একাউণ্ট স্থায়ীভাৱে নিষ্ক্রিয় কৰিছিল। টুইটাৰৰ নিয়ম বিধি উলংঘনৰ অভিযােগত অভিনেত্রীগৰাকীৰ একাউণ্ট এইদৰে টুইটাৰে বন্ধ কৰি দিছিল। ইয়াৰ পাছতে কংগনাই স্বদেশী এপ ‘কু’ত নিজৰ প্ৰথমটো প’ষ্ট কৰিছিল ।






























