ধেমাজি জিলাৰ কপাহতলি গাঁৱত শেহতীয়াকৈ ক’ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অঞ্চলটোত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত কপাহতলি গাঁৱৰ দক্ষিনে খগেন চুতীয়াৰ বাসগৃহৰ পৰা পশ্চিমে চিৰন চুতীয়াৰ বাসগৃহ পৰ্যন্ত কণ্টেইনমেণ্ট জন হিচাপে ঘোষনা কৰিছে ।
ইতিমধ্যই ধেমাজি ৰাজহচক্ৰ বিষয়াই অঞ্চলটো চীল কৰিছে । অসম ক’ভিড–১৯ ৰেগুলেচন ২০২০ ৰ অধীনত অঞ্চলটো আগন্তুক ১০ দিনলৈকে কণ্টেইনমেণ্ট জ’ন হিচাপে থাকিব ।এই সময় ছোৱাত অঞ্চলটোৰ পৰা কোনো বাহন অথবা ব্যক্তিয়ে ওলোৱা সোমোৱা কৰাৰ ক্ষেএত নিষেধাজ্ঞা থাকিব ।
কণ্টেইনমেণ্ট হিচাপে ঘোষনা কৰা অঞ্চলটোৰ ভিতৰতো কোনো ব্যক্তি অথবা বাহনৰ চলাচলত নিষেধাজ্ঞা থাকিব । ওপৰৰ এই নিষেধাজ্ঞাসমূহ অমান্য কৰিলে জলাপ্ৰশাসনৰ ফালৰ পৰা The Assam covid-19 Regulation-2020 . The Digester Management Act 2005. The Epidemic Diseases Act ১৮৯৭ আৰু অনান্য আইন অনুসৰী ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি জিলা তথ্য আাৰু জনসংযোগ বিষয়াই জানিবলৈ দিছে ।
উল্লেক্ষ্য যে জিলাখনত বৰ্তমান কভিড আক্ৰান্তৰ সংখ্যা ৭০০ লৈ বৃদ্ধি পাইছে । জিলাখনত এতিয়ালৈকে ন জন লোকৰ ক’ভিড-১৯ ত মৃত্যু হৈছে ।