ক’ভিড চিকিৎসাৰ ক্ষেত্ৰত আইভাৰমেক্টিন ব্যৱহাৰত নিষেধাজ্ঞা হু-ৰ

shutterstock 1936730776

কৰ’না আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত আইভাৰমেক্টিন ঔষধ ব্যৱহাৰ কৰা উচিত নহয় বুলি জনালে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ । দুমাহত দুবাৰ পৰীক্ষণৰ বাহিৰে এই ঔষধটো অন্য ক্ষেত্ৰত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিলে হু-এ ।

হু-ৰ প্ৰধান বিজ্ঞানী সৌম্যা স্বামীনাথনে টুইটযোগে এই তথ্য সদৰী কৰে । তেওঁ লিখে, ‘কোনো এটা ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সেইটো কিমান সুৰক্ষিত আৰু তাৰ কাৰ্যকাৰিতা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ । পৰীক্ষণৰ বাহিৰে অন্য ক্ষেত্ৰত আইভাৰমেক্টিন ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।’

প্ৰায় একেই সতৰ্কতা জাৰি কৰিছে জাৰ্মানীৰ ঔষধ প্ৰস্তুতকাৰী সংস্থা মাৰ্কে । তেওঁলোকে এক বিবৃতিত জনায়, ‘এই পৰ্যন্ত আমাৰ গৱেষণাত এনে কোনো তথ্য সন্মুখত অহা নাই যিটোৰ পৰা আমি ক’ব পাৰো যে, কৰ’না ৰোগীৰ চিকিৎসাত আইভাৰমেক্টিন ব্যৱহাৰ কৰা কাৰ্যকৰী । এই ঔষধ ব্যৱহাৰৰ এটা ক্ষতিকাৰক দিশো পৰিলক্ষিত হৈছে গৱেষণাত । সেয়ে এই ঔষধ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।’

ইয়াৰ পূৰ্বে হু-এ জনাইছিল, ‘কৰ’না ৰোগীক আইভাৰমেক্টিন দিলে ইয়াৰ কোনো সুফল পোৱা যাব নে নাই, এই বিষয়ত কোনো তথ্য আমি লাভ কৰা নাই । সেয়ে এই ঔষধ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে সংস্থাই ।’

বিগত মাহত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জ্বৰ কমাবলৈ আইভাৰমেক্টিন ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে । আক্ৰান্তসকলৰ চিকিৎসাৰ ক্ষেত্ৰত এই ঔষধ ব্যৱহাৰৰ অনুমতি দিছে গ’ৱা চৰকাৰেও । ইয়াৰ মাজতেই হু-ৰ এই নিৰ্দেশনাই আইভাৰমেক্টিন ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

Exit mobile version