চিৰাঙত নাটনি হৈছে ক’ভিড প্ৰতিষেধকৰ, মাত্ৰ এদিনহে দিব পাৰিব প্ৰতিষেধক

are we safe after covid 19 vaccination

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ সময়ত ক’ভিড প্ৰতিষেধকৰ নাটনি হৈছে চিৰাঙত । জিলাখনৰ প্ৰতিষেধক বিষয়া অতুল দাসে জনোৱা অনুসৰি, জিলাখনত মাত্ৰ দুহেজাৰ চাৰিশজন ক’ভিড ৰোগীকহে দিব পৰা প্ৰতিষেধক আছে । এদিনতে শেষ হ’ব এই প্ৰতিষেধক ।

ইপিনে জিলাখনৰ প্ৰতিটো চিকিৎসালয়তে ক’ভিড প্ৰতিষেধকৰ বাবে ভিৰ কৰিছে সাধাৰণ লোকে । আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত দেখিবলৈ পোৱা গ’ল সামৰিক তথা অৰ্ধ-সামৰিক বাহিনীৰ লোকেও সাধাৰণ লোকৰ স’তে শাৰীত থিয় দিছে ক’ভিড প্ৰতিষেধকৰ বাবে। কিন্তু আজি প্ৰতিষেধক দিয়াৰ পাছত কাইলৈ দিব পৰা প্ৰতিষেধক মজুত নাই চিৰাং জিলাত ।

Exit mobile version