তেলেংগানাত ১০ দিন, নাগালেণ্ডত সাত দিন তলাবন্ধ ঘোষণা

naga4 e1595918792936

তলাবন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ল তেলেংগানা । মংগলবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিভাগে জনায়, বুধবাৰৰ পৰা আগন্তুক ১০ দিন পৰ্যন্ত তলাবন্ধ জাৰি কৰা হৈছে । কিছুদিন পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱো । আজি তলাবন্ধৰ ঘোষণা কৰি ৰাৱে জনায়, ৰাজ্যৰ বৰ্ধিত ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবেই এই পদক্ষেপ । আজি এসপ্তাহৰ সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিলে নাগালেণ্ডেও ।

বুধবাৰৰ পৰা ১০ দিন তলাবন্ধ অব্যাহত থাকিব তেলেংগানাত । অৱশ্যে তলাবন্ধ হ’লেও পুৱা ছয় বজাৰ পৰা ১০ বজা পৰ্যন্ত খুলা থাকিব বুলি জনায় মুখ্যমন্ত্ৰী বিভাগে । এই চাৰি ঘণ্টাত ৰাজ্যবাসীয়ে সকলো ধৰণৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পাৰিব । ২২ মে’ পৰ্যন্ত তলাবন্ধ অব্যাহত থাকিব ৰাজ্যখনত ।

আজি এক উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে । কিছুদিন পূৰ্বে তেলেংগানা চৰকাৰে জনাইছিল যে, কোনো কাৰণতে তেওঁলোকে তলাবন্ধ জাৰি নকৰে । অৱশেষত ৰাজ্যত সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ বাধ্য হয় চৰকাৰ ।

ইপিনে, ১৪ মে’ৰ শুকুৰবাৰৰ পৰা সাত দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰে নাগালেণ্ড চৰকাৰেও । শুকুৰবাৰ সন্ধিয়া ছয় বজাৰ পৰা তলাবন্ধ কাৰ্যকৰী হ’ব । মুখ্যমন্ত্ৰী নেইফিউ ৰিয়’ৰ নেতৃত্বত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সম্পূৰ্ণ তলাবন্ধ থাকিলেও জৰুৰী সেৱা আৰু কৃষিকাৰ্যত এই আইন কাৰ্যকৰী নহ’ব ।

Exit mobile version