অসমত নতুন এছঅ’পি ঘোষণা

assam 984589 1620668230

■ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ প্ৰশমন বিভাগে অসমৰ বাবে নতুন ক’ভিড বিধি জাৰি কৰিছে ।
■ এই বিধি ১৩ মে’ পুৱা পাঁচ বজাৰ পৰা কাৰ্যকৰী হ’ব ।
■ নতুন বিধি অনুসৰি সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান বিয়লি এক বজা পৰ্যন্ত খোলা থাকিব পাৰিব ।
■ বজাৰ/ সাপ্তাহিক বজাৰ আগন্তুক ১৫ দিনলৈ বন্ধ থাকিব ।
■ ৰেষ্টুৰেণ্ট, হোটেল, ঢাবাসমূহ বিয়লি এক বজাত বন্ধ কৰিব লাগিব । এক বজাৰ পাছত হোম ডেলিভাৰী দিব লাগিব ।
■ ফাৰ্মাচী, চিকিৎসালয়, পশু চিকিৎসালয়ত এই আইন কাৰ্যকৰী নহ’ব ।
■ সকলো বিদ্যালয়, শিক্ষানুষ্ঠান বন্ধ থাকিব ।
■ আগন্তুক ১৫ দিনৰ বাবে সকলো চৰকাৰী,‌ বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব ।

Read Here
■ উপ-সচিব পদৰ চৰকাৰী/ অৰ্দ্ধ চৰকাৰী বিষয়া আৰু বেচৰকাৰী খণ্ডৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহকে জৰুৰী ভিত্তিত বিয়লি এক বজালৈ কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব ।
■ এই বিধি জৰুৰী সেৱা, আইন বিভাগ আৰু নিৰ্বাচনী কাৰ্যত প্ৰণয়ন নহ’ব ।
■ এসপ্তাহত পাঁচ শতাংশ লোক ক’ভিড-১৯ত সংক্ৰমিত হোৱা অঞ্চলসমূহ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব ।
■ বিবাহ অনুষ্ঠানত ১০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব ।
■ শেষকৃত্য অনুষ্ঠানত ১০ জন লোক সমবেত হ’ব পাৰিব ।
■ সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব ।
■ গণ পৰিৱহণত ৩০ শতাংশ যাত্ৰীৰ বাবে অনুমতি ।
■ অ’ট’ ৰিক্সা, ৰিক্সাই দুজন যাত্ৰী বহাব পাৰিব ।
■ এখন মটৰচাইকেলত দুজন যাত্ৰী যাব নোৱাৰিব । অৱশ্যে মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই আইন শিথিল কৰা হৈছে ।
■ বিয়লি দুই বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ আইন অব্যাহত থাকিব ।
■ এই আইন চহৰ/ নগৰ অঞ্চলত কাৰ্যকৰী হ’ব । চহৰ পালিকাৰ পৰা পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধত প্ৰযোজ্য হ’ব বিধি ।
■ গাঁও অঞ্চলত পূৰ্বৰ দৰেই চলাচল কৰিব পাৰিব ।

Exit mobile version