বিশ্বৰ সবাতােকৈ বেছি টিকাকৰণ হােৱা স্থানতে শােচনীয় অৱস্থা

এসপ্তাহৰ ভিতৰতে ক'ভিড আক্রান্তৰ সংখ্যা দ্বিগুণ

112397480 mediaitem112397478

ইটালীৰ অন্তৰ্গত মেডিটেৰিয়ান সাগৰৰ সবাতােকৈ বৃহৎ দ্বীপ হৈছে ছিচিলি। জনসংখ্যা অনুপাতে বিশ্বৰ সকলাে দেশৰ ভিতৰত সর্বাধিক টিকাকৰণ হৈছে ছিচিলিত।

অথচ তাৰ পাছতাে ৰােধ নহ’ল কৰ’নাৰ সংক্রমণ। বৰঞ্চ বিগত এটা সপ্তাহতে দ্বীপটোত সক্রিয় ৰােগীৰ সংখ্যা প্রায় দ্বিগুণলৈ বৃদ্ধি পাইছে।

এই পৰিসংখ্যাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে ছিচিলিৰ প্ৰশাসনক। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে কি কাৰণত টিকাকৰণৰ পাছতাে ইমান মানুহ আক্রান্ত হৈছে, সেই বিষয়ত পর্যলােচনা কৰাৰ পাছতহে তেওঁলােকে কোনাে মন্তব্য কৰিব।

ইতিমধ্যে বিষয়টো পর্যবেক্ষণ কৰি আছে ‘হু’ৰ তৰফৰ পৰা প্ৰেৰণ কৰা এটা বিশেষজ্ঞৰ দলে। ইফালে, ছিচিলিৰ স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা জনাইছে যে যােৱা সপ্তাহত দ্বীপটোত দুহেজাৰ ৪৮৬জন আক্রান্ত হয়।

সেই সংখ্যা তাৰ আগৰ সপ্তাহৰ তুলনাত প্রায় দ্বিগুণ। কেৱল সেয়াই নহয়, এই আক্রান্তসকলৰ ৩৭ শতাংশই ইতিমধ্যে প্রতিষেধক দ্বিতীয় পালিও গ্রহণ কৰিছে। ইয়াৰ উপৰি ভাৰত মহাসাগৰত থকা পর্যটকৰ গন্তব্যস্থলৰূপে বিখ্যাত আন কেতবােৰ দ্বীপৰাষ্ট্ৰতাে সংক্রমণ বৃদ্ধি পাইছে।

উল্লেখ্য যে ছিচিলিত ইতিমধ্যে দ্বিতীয় পালি প্রতিষেধক লােৱাসকলৰ ৫৭ শতাংশ লােকক দিয়া হৈছে চীনৰ চিন’ফার্মৰ প্রতিষেধক। বাকীসকলক দিয়া হৈছে।

ক’ভিশ্বিল্ড প্রতিষেধক। এই মাৰাত্মক পৰিস্থিতিত সংক্রমণ ৰােধ কৰিবলৈ ছিচিলিয়ে এতিয়া নতুনকৈ পদক্ষেপ আৰম্ভ কৰিছে। স্কুলসমূহ সম্পূর্ণ বন্ধ কৰি দিয়া হৈছে।বন্ধ হৈছে খেলা-ধূলা। মানুহকো ঘৰতে থাকিবলৈ কোৱা হৈছে।

Exit mobile version