মাত্ৰ ছয় ঘণ্টাৰ বৈবাহিক জীৱন, সদ্য বিবাহিতা স্ত্ৰীৰ শেষকৃত্য কৰিলে যুৱকে

fa featured

বিয়াৰ ছয় ঘণ্টাৰ ভিতৰতে মৃত্যু হ’ল ক‌ইনাৰ । ক‌ইনাৰ শেষকৃত্য কৰিলে দৰাই । এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বিহাৰৰ মুংগেৰ জিলাৰ খুদিয়া গাঁৱত ।

আঠ মে’ত খুদিয়া গাঁৱৰ বাসিন্দা ৰঞ্জন যাদৱৰ পুত্ৰী নিশা কুমাৰীৰ মহাকোলা গাঁৱৰ বাসিন্দা সুৰেশ যাদৱৰ পুত্ৰ ৰবিছৰ স’তে বিবাহ হয় । বিবাহ অনুষ্ঠান সুকলমে সম্পন্ন হয় । ক’ভিড বিধি অনুসৰণ কৰিয়ে বিয়াখনত কেইজনমান লোক উপস্থিত আছিল ।

বিবাহ সম্পন্ন হোৱাৰ পাছত নিশা হঠাৎ অসুস্থ হৈ পৰে নিশা কুমাৰী । পৰিয়ালবৰ্গই ততাতৈয়াকৈ তাৰাপুৰৰ এখন কমিউনিটী কেন্দ্ৰত ভৰ্তি কৰে । স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকসকলে তেওঁক ভাগলপুৰত ৰেফাৰ কৰে । চিকিৎসাধীন হৈ থকা অৱস্থাতে যুৱতীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । এই ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ।

Exit mobile version