ৰাজ্যত দুহেজাৰৰো অধিক ৰোগীৰ শৰীৰত ‘ব্লেক ফাংগাছ’, দাবী মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীৰ

swarajya 2021 05 52427f06 6b03 4caa 812d b53d73e9fefc 6566ye665j

মহাৰাষ্ট্ৰত কৰ’নাত আক্ৰান্তসকলৰ শৰীৰত ‘ব্লেক ফাংগাছ’ বা মিউক’ৰমাইক’ছিছৰ সংক্ৰমণ বৃদ্ধি পাইছে । এই ঘটনাই চিন্তিত কৰিছে উদ্ধৱ ঠাকৰে চৰকাৰক । ইতিমধ্যে মহাৰাষ্ট্ৰত দুহেজাৰৰো অধিক কৰ’না ৰোগীৰ শৰীৰত এই ভেঁকুৰৰ সংক্ৰমণ হৈছে বুলি জনাইছে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে ।

স্বাস্থ্যমন্ত্ৰী টোপে কয়, ‘এই পৰ্যন্ত প্ৰাপ্ত তথ্য অনুসৰি দুহেজাৰৰো অধিক ৰোগীৰ শৰীৰত ব্লেক ফাংগাছ পৰিলক্ষিত হৈছে । ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে এই ভাইৰাছৰ সংক্ৰমণো বৃদ্ধি পাইছে । চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, মেডিকেল কলেজৰ স’তে জড়িত হাস্পতালবোৰত মিউক’ৰমাইক’ছিছ হোৱা ৰোগীসকলৰ চিকিৎসা কৰা হ’ব ।’

তেওঁ লগতে কয়, ‘এই ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগীসকলৰ মৃত্যুৰ হাৰ ৫০ শতাংশ । সেয়ে এই ৰোগীসকলক একাধিক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে ।’

ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল যে, ৰাজ্য চৰকাৰৰ ‘মহাত্মা জ্যোতিবা ফোলে জন আৰোগ্য যোজনা’ বিমা প্ৰকল্পৰ অধীনত মহাৰাষ্ট্ৰৰ এহেজাৰ চিকিৎসালয় আছে । এই চিকিৎসালয়সমূহতে তেওঁলোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব ।ব্লেক ফাংগাছ ৰোগৰ চিকিৎসাত মূল ভেঁকুৰ প্ৰতিৰোধী ঔষধ ‘এম্ফুটেৰিছিন বি’ ব্যৱহাৰ কৰা হৈছে । এই ঔষধৰ মূল্য হ্ৰাস কৰাৰ পৰিকল্পনাও কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ।

Exit mobile version