বোকাজানত কৰ’নাৰ ভয়াৱহ পৰিস্থিতি, ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ

WhatsApp Image 2021 05 13 at 5.39.48 PM

পাহাৰীয়া জিলা কাৰ্বি আংলঙত ভয়ংকৰ ক’ভিড সংক্ৰমণ । জিলাখনৰ বোকাজান মহকুমাত ভনায়কভাৱে কৰ’না বৃদ্ধি পাইছে । উল্লেখ্য যে, নাগালেণ্ড প্ৰশাসনে ডিমাপুৰত যাত্ৰীবাহী ৰে’লসমূহ ৰখোৱা বন্ধ কৰি দিছে। যাৰ বাবে ৰেলসমূহ খটখটি আৰু বোকাজানত ৰখিবলৈ দিয়া হৈছে। ফলত বোকাজানত অধিক মানুহৰ সমাবেশ ঘটিছে আৰু বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা ।

বোকাজানত ইতিমধ্যে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা পাঁচশৰো অধিক।

বোকাজানত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ। সেয়ে ১৫ মে’ৰ পৰা সম্পূৰ্ণ বোকাজান নগৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে বোকাজান প্ৰশাসনে। ১৫ মে’ৰ পৰা ২১ মে’ পৰ্যন্ত সাত দিনলৈ ঘোষণা কণ্টেইনমেণ্ট জ’ন। মেডিকেল সেৱাৰ বাহিৰে সকলো বন্ধ ঘোষণা বোকাজান নগৰত ।

ইপিনে, কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে বোকাজান চিকিৎসক সেন্দুৰাম হাজৰিকাই । বিগত কেইদিনমানৰ পৰা যোৰহাট মেডিকেলত চিকিৎসাধীন হৈ আছিল চিকিৎসকগৰাকী ।

Exit mobile version