সুচলভাৱে কৰ’না টিকাকৰণ কৰিবৰ বাবে ক’ভেক্সিনৰ উৎপাদন বঢ়াব লাগিব । তাৰ বাবে অন্য সংস্থাকো আমন্ত্ৰণ জনাব বিচাৰে চৰকাৰে । ভাৰত বায়’টেকৰ স’তে এই বিষয়ত আলোচনা হৈছে । এই কথা বৃহস্পতিবাৰে জনায় কেন্দ্ৰৰ পৰামৰ্শদাতা আৰু নীতি আয়োগৰ সদস্য ভিকে পলে ।
নীতি আয়োগৰ সদস্য পলে কয়, ‘বহুতে মত প্ৰকাশ কৰে যে অন্য সংস্থাকো ক’ভেক্সিন প্ৰস্তুত কৰিব দিব লাগে । এই বিষয়ত আমি ভাৰত বায়’টেকৰ স’তে আলোচনা কৰিছো । তেওঁলোকেও এই সিদ্ধান্তত সমৰ্থন জনাইছে ।’ ইয়াৰ পাছত তেওঁ কয়, ‘এই প্ৰতিষেধক প্ৰস্তুতকৰণ পদ্ধতিত জীৱন্ত ভাইৰাছক নিষ্ক্ৰিয় কৰা হয় । বায়’ছেফ্টি লেবেল তিনি পৰীক্ষাগাৰতেই সেয়া সম্ভৱ । সকলো সংস্থাৰে এনে ধৰণৰ পৰীক্ষাগাৰ নাই । থকাসকলক আমি আমন্ত্ৰণ জনাইছো । ইচ্ছুকসকলে আগবাঢ়ি আহিব লাগে ।’ কোনো সংস্থা আগবাঢ়ি আহিলে কেন্দ্ৰইয়ো সহায় কৰিব বুলি তেওঁ জনায় ।
শেহতীয়াকৈ কেন্দ্ৰই জনাইছিল যে, আগষ্টৰ পৰা ডিচেম্বৰৰ ভিতৰত দুশ কোটি ক’ভিড প্ৰতিষেধক প্ৰস্তুত কৰা হ’ব । এই ঘোষণা কৰাৰ পাছতে অন্য সংস্থাক প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ দিয়া বিষয়টো জনোৱা হয় ।
উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ ভাৰত ইমিউন’লজিকেল এণ্ড বায়’লজিকেল কৰ্প’ৰেছন লিমিটেডে অনাগত দিনত ক’ভেক্সিন প্ৰতিষেধক প্ৰস্তুত কৰিব । কাম আৰম্ভ হোৱাৰ পাছত সংস্থাটোত প্ৰতি মাহে দুই কোটি প্ৰতিষেধক প্ৰস্তুত কৰা হ’ব ।