অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো যাত্ৰীবাহী বাহনক বংগত প্ৰৱেশত বাধা

শ শ যাত্ৰীৰ মাজত হাহাকাৰ

1621114778 migrant

ক’ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশবাসীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰাৰ সময়তে আজি পশ্চিমবংগ চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বংগ অভিমুখে যোৱা সকলো যাত্ৰীবাহী বাহনক প্ৰবেশত বাধা আৰোপ কৰিছে ৷

অসম-বংগ সীমান্তৰ পাকৰিগুৰিত কৰ্তব্যৰত বংগ আৰক্ষীয়ে অসম দিশৰ পৰা যোৱা কোনো এখনো যাত্ৰীৱাহী বহানক প্ৰৱেশ কৰিবলৈ দিয়া নাই ৷

ফলত অসমৰ পৰা বিহাৰ,পশ্চিম বংগলৈ যাবলৈ লোৱা যাত্ৰী সকলৰ মাজত হাহাকাৰ অবস্থাৰ সৃষ্টি হৈছে ৷ দুপুৰীয়া ১২ বজাৰ পৰা আবদ্ধ হৈ থকা যাত্ৰী সকলে খাদ্য-পানীৰ বাবে যথেষ্ট সমস্যাত পৰিছে ৷

দুৰ্ভোগ ভুগি থকা যাত্ৰীসকলে সীমান্তত বংগ আৰক্ষীক প্ৰশ্ন কৰিছে যদিও কোনো সুদোত্তৰ পোৱা নাই ৷ ক’ভিডৰ বাবে বংগ চৰকাৰৰ হৎকাৰী সিদ্ধান্তত আবদ্ধ হৈ থকা যাত্ৰী সকলে চৰম দুৰ্ভোগ ভুগিছে ৷

Exit mobile version