কৰ’নাত আক্ৰান্ত হৈ প্ৰয়াত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা আৰু সাংসদ ৰাজীৱ ছতাব

145288 fyeepgascy 1596173658

প্ৰয়াত হ’ল কংগ্ৰেছ নেতা আৰু ৰাজ্যসভাৰ সাংসদ ৰাজীৱ ছতাব । যোৱা এপ্ৰিলত কৰ’নাত আক্ৰান্ত হৈছিল কংগ্ৰেছ নেতাগৰাকী । আজি পুনেৰ এক বেচৰকাৰী হাস্পতালত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ ।

বিগত কিছুদিন ধৰি তেওঁ ভেণ্টিলেছনত আছিল । ক’ভিড সংক্ৰমণৰ ফলত তেওঁ এক বিৰল ৰোগত আক্ৰান্ত হৈছিল বুলি জনায় হাস্পতাল কৰ্তৃপক্ষই । ইয়াৰ পাছতেই তেওঁৰ শাৰীৰিক অৱনতি হ’বলৈ ধৰে ।

দেওবাৰে তেওঁৰ মৃত্যুৰ সংবাদ টুইটাৰত জনায় কংগ্ৰেছ নেতা আৰু মুখপাত্ৰ ৰণদ্বীপ সিং সূৰজেৱালাই । তেওঁ লিখে, ‘আজি এজন এনে সংগীক হেৰুৱালো যিয়ে মোৰ স’তেই ৰাজনৈতিক জীৱনত ভৰি থৈছিল । এই পৰ্যন্ত আমি একেলগেই আছিলো কিন্তু আজি…।’

২০১৪ত তেওঁ লোকসভা নিৰ্বাচনত শিৱসেনাৰ সুভাষ ৱাংখেড়েক পৰাজিত কৰিছিল । ৰণদ্বীপে টুইটাৰত লিখে, ‘ৰাজীৱৰ নেতৃত্ব দিয়াৰ ক্ষমতা, পাৰ্টীৰ প্ৰতি নিষ্ঠা, তেওঁৰ নিৰ্মল হাঁহি আৰু স্বচ্ছ মনৰ কথা মনত পৰি থাকিব । বিদায় বন্ধু । য’তেই থাকা এনেদৰেই পোহৰাই থাকা !!!’

Exit mobile version