গোৱা মেডিকেল কলেজত অক্সিজেনৰ অভাৱত মৃত্যু আঠজনৰ

Campus view of Goa Medical College and Hospital Bambolim Campus View

গোৱা মেডিকেল কলেজত অক্সিজেন সংকট সমাপ্ত হোৱা নাই । অভিযোগ উত্থাপন হৈছে যে, শনিবাৰেও চাৰি ঘণ্টাৰ বাবে অক্সিজেন সেৱা বন্ধ আছিল গোৱাৰ এই চৰকাৰী হাস্পতালত । নিশা দুই বজাৰ পৰা পুৱা ছয় বজালৈকে আঠজন কৰ’না ৰোগীৰ মৃত্যুও হয় অক্সিজেনৰ অভাৱত । বিগত পাঁচ দিনত অক্সিজেনৰ নাটনিৰ ফলত ৮৩ জন লোকৰ মৃত্যু হৈছে । হাস্পতাল কৰ্তৃপক্ষৰ দাবী, অক্সিজেনৰ নাটনিৰ ফলতেই যে মৃত্যু হৈছে, সেইটো নিশ্চিতভাৱে ক’ব নোৱাৰে তেওঁলোকে ।

গোৱা মেডিকেল কলেজৰ ডিনে কয়, ‘আমি নিশ্চিতভাৱে ক’ব নোৱাৰো যে, অক্সিজেনৰ নাটনিৰ ফলতে মৃত্যু হৈছে । সদ্যহতে মৃত্যু হোৱা আঠজন ক’ভিড ৰোগী নিউমোনিয়াত আক্ৰান্ত হৈ আছিল । নিউমোনিয়াৰ উপশমৰ বাবে অক্সিজেনৰ প্ৰয়োজন ।’

মৃতকসকলৰ পৰিয়ালবৰ্গই জনায় যে, চৰকাৰী হাস্পতালখনত গোটেই নিশা অক্সিজেন সৰবৰাহ বহু পৰিমাণে কমি গৈছিল । ১৩ টা ৱাৰ্ডত ইয়াৰ প্ৰভাৱ পৰিছিল । ইয়াৰ মাজতে কৰ’না ৰোগী থকা ১৪৩ নম্বৰ ৱাৰ্ডটোত প্ৰায় ডেৰ ঘণ্টাৰ বাবে অক্সিজেন বন্ধ হৈ গৈছিল । পাছত অক্সিজেন চিলিণ্ডাৰৰ সহায়ত কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ।

Exit mobile version